ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত ৮০ সংখ্যক স্বাধীনতা দিৱসত অধ্যাপক- অধ্যাপিকা, কৰ্মচাৰীৰ লগতে শিল্পী, সাহিত্যিক, সাংবাদিকৰ সম্বৰ্ধনা

ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত ৮০ সংখ্যক স্বাধীনতা দিৱসত অধ্যাপক- অধ্যাপিকা, কৰ্মচাৰীৰ লগতে শিল্পী, সাহিত্যিক, সাংবাদিকৰ সম্বৰ্ধনা

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ‘সাহিত্যৰ পোহৰ নথকা সমাজ এখন অন্ধকাৰ গুহাৰ দৰে। কবি-সাহিত্যিকসকল হ’ল জাতিৰ বিবেক, সাংবাদিক হ’ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু নিৰ্ভীক চকু, যিয়ে সত্যক পোহৰলৈ আনি ৰাষ্ট্ৰৰ গতিপথ নিৰ্ধাৰণ কৰে’। ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই মহাবিদ্যালয় প্ৰাংগনত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলণ কৰি মনোনীত অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী, শিল্পী, সাংবাদিক, সাহিত্যিকক সম্বৰ্ধনা জ্ঞাপনেৰে ১৫ আগষ্টৰ পুৱা এইদৰে কয়। অধ্যক্ষ ড° শইকীয়াই কয়— কবি-সাহিত্যিক, সাংবাদিকসকলৰ সৃষ্টিশীলতা আৰু সাহসেই এখন ৰাষ্ট্ৰ, অসমৰ দৰে ৰাজ্যক জীৱন্ত আৰু সংবেদনশীল কৰি তুলিব পাৰে। অধ্যক্ষগৰাকীয়ে কয়— এখন উচ্চ শিক্ষানুষ্ঠান এজোপা প্ৰকাণ্ড বটবৃক্ষৰ দৰে। অধ্যক্ষ বা অধ্যাপক-অধ্যাপিকাসকলে তাত ক্ষন্তেকৰ বাবে ছাঁ লৈ, মূল শিপাত সাৰ-পানী যোগায়।  ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি অধ্যক্ষগৰাকীয়ে কয়— বৰ্তমান নৱ প্ৰজন্মই আমাৰ দেশ ভাৰতবৰ্ষ আৰু অসমৰ ভৱিষ্যত। প্ৰত্যেকে দেশৰ কাৰণে, কাম কৰিব লাগিব, তেহে ভাৰতবৰ্ষই বিশ্বগুৰু হ’ব পাৰিব। দেশ সেৱাই মানৱ সেৱা বুলি উল্লেখ কৰি তেওঁ কয়— আগন্তুক দিনত নৱ প্ৰজন্মই আধুনিক প্ৰযুক্তি, এ আই আৰু বিজ্ঞানৰ জয়যাত্ৰাত অংশলৈ সমগ্ৰ বিশ্ব জয় কৰিব লাগিব, কিন্তু চাব লাগিব, প্ৰযুক্তিৰ ধামখুমীয়াত বিলীন হৈ নৱ প্ৰজন্মই যাতে কোনো কাৰণতে নিজৰ শিপাদালক, নিজৰ মাতৃভাষাক আৰু আই অসমীক পাহৰি নাযায়। পুৱা ৫ বজাত মহাবিদ্যালয়ৰ গ্ৰীন ক্লাৱৰ সদস্যসকলৰ দ্বাৰা চৌহদ নিকাৰণ কাৰ্যসূচীৰে শুভাৰম্ভ হোৱা স্বাধীনতা দিৱসৰ এই পবিত্ৰ কাৰ্যসূচীত মহাবিদ্যালয়ত বিগত পঁচিশ বছৰে সেৱা আগবঢ়াই অহা অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীক অধ্যক্ষ ড° শশীকান্ত শইকীয়াই সম্বৰ্ধনা জ্ঞাপন কৰে। উপাধ্যক্ষ ড° পাৰ্থ গাংগুলীৰ হৈ তেওঁৰ সহধৰ্মীনি অধ্যাপিকা ড° মধুমিতা পুৰকায়স্থই সম্বৰ্ধনা গ্ৰহণ কৰে আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে মহাবিদ্যালয়ৰ এন চি চিৰ দলটিয়ে মহাবিদ্যালয়খনক জিলিকাবলৈ সক্ষম হোৱাৰ বাবে মহাবিদ্যালয়ৰ এন চি চি এ এন অ’ অধ্যাপক ড° পৰাগজ্যোতি চুতীয়াক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে কৰ্মচাৰী ক্ৰমে ভূৱনজ্যোতি বৰুৱা, প্ৰতাপ সেনাপতি আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰী জিস্ত গগৈকো অধ্যক্ষগৰাকীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। মহাবিদ্যালয়ৰ অধ্যাপিকা ড° মৰমী তালুকদাৰে আঁত ধৰা স্বাধীনতা দিৱসৰ পবিত্ৰ অনুষ্ঠানতে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ নিজৰ অৱদান আগবঢ়াই নিস্বাৰ্থভাৱে কাম কৰি যোৱাৰ বাবে কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰতিনিদ টাইমৰ সাংবাদিক দেৱজিত চুতীয়া, আসাম লাইভ ২৪ৰ সাংবাদিক খগেন দত্ত, সাংবাদিক বিশাল পাণ্ডে, দৈনন্দিন বাৰ্তা কাকতৰ সংবাদদাতা আইনুল আহমেদ, নিকুমণি নাথ, শিল্পীশিখা দাস আৰু শিক্ষক মানসজ্যোতি হাজৰিকাক মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা অধ্যক্ষগৰাকীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে স্বাধীনতা দিৱসৰ জাতীয় পতাকা ডিম্বেশ্বৰ চলিহা ছাত্ৰাৱাস প্ৰাংগনত পতাকা উত্তোলন কৰে ছাত্ৰাৱাসৰ অধীক্ষক অধ্যাপক ড° বিৰাজ দত্তই আৰু ৰুক্মিণী দেৱী কানৈ ছাত্ৰীনিবাসৰ প্ৰাংগনত উত্তোলন কৰে অধীক্ষিকা অধ্যাপিকা কৰিশ্মা জে কে বৈষ্ণৱীয়ে। স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত মহাবিদ্যালয়ৰ ভালেসংখ্যক অধ্যাপক- অধ্যাপিকা, কৰ্মচাৰীৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি সন্ধিয়া ৬ বজাত মহাবিদ্যালয় চৌহদত এক বন্তি প্ৰজ্বলন কাৰ্যসূচীও অনুষ্ঠিত হয়।