আইৰ আত্ম-কথন – ববিতা বৰঠাকুৰ

Pc Unsplash

আইৰ আত্ম-কথন

ববিতা বৰঠাকুৰ
কুৰালগুৰি,গোলাঘাট

মাজনিশা তৰাবোৰ জ্বলিছিল
আত্মীয়ৰ বাদে জগতখন শুই নিঃপালি দিলে
হেজাৰ আত্মজৰ উত্তাপ মোৰ চৌপাশে
স্বাধীনতাৰ সোৱাদ মোৰ জিভাত
সপোন-দিঠকৰ দোমোজাত পতাকা উৰিল।
মোৰ দেহৰ পূৰ্ব-পশ্চিমে বলিশালৰ পাঠাৰ দৰে
কটা মূৰ আৰু গাৰ পৰা
চিটিকি পৰা তেজ
মই ফেঁকুৰি কন্দা গান্ধীয়ে দেখিছিল ।
নুমলী কুঁৱৰী কনকলতা
বৰপোনা কুশল
বুকুখন বৰকৈ বিষাই অ’
কত দুহিতাৰ সপোন ভাগিল
কত বধুৰ ঠিকনা হেৰাল
উশাহ হেৰুৱাব খোজোতেই উশাহ লাগিল
হিয়াৰ আমঠু
‘সাত সাগৰ পাৰ হৈ গৰু-খোজৰ পানীত বুৰি নমৰিবি’ বোপাইহত
পৃথিবী, জল, অগ্নি, বায়ু,আকাশ তহতকে গটালোঁ ।
পাহাৰ-ভৈয়াম,পুৰুষ প্ৰকৃতি একহৈ
বৰ্ণ ,ধৰ্ম ,জাত ত্যাগী
সাত শত্রুৰোলৈ ঐক্যৰ গড় বান্ধ
বুকুৰ উমতে প্ৰেমিহৈ ফুল
‘সুখদাং বৰদাং মাতৰম্ ‘