ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত ল’লে দ্ৰৌপাদি মুৰ্মুৱে 

Pc Rediff.com

ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত ল’লে দ্ৰৌপাদি মুৰ্মুৱে 

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ নবনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ সমাৰোহত বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ–ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্য, ৰাজ্যপাল, মুখ্যমন্ত্ৰী, সংসদৰ সদস্য আৰু চৰকাৰৰ মুখ্য বিষয়া আৰু সেনা বিষয়াসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে দ্ৰৌপদী মুৰ্মু আদিবাসী সম্প্ৰদায়ৰ পৰা হোৱা দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি। দেশৰ কনিষ্ঠতম ৰাষ্ট্ৰপতি হোৱাৰ কৃতিত্বও অৰ্জন কৰিলে দ্ৰৌপদী মুৰ্মুৱে।