ভাৰতৰ হাতত ২-০ গ’লত পৰাজিত স্পেইন

Pc Zee News

ভাৰতৰ হাতত ২-০ গ’লত পৰাজিত স্পেইন

ৰঙিলী বাৰ্ত্তাসেৱা-  হকী বিশ্বকাপৰ অন্যতম শক্তিশালী প্ৰতিদ্বন্দ্বী ভাৰতে ১৫ সংখ্যক এফ আই এইচ বিশ্বকাপ পুৰুষ হকী প্ৰতিযোগিতাৰ পুল ডি মেচত স্পেইনক ২-০ গ’লত পৰাস্ত কৰি এক চমকপ্ৰদ জয়েৰে আৰম্ভণি কৰে। বিশ্বৰ সৰ্ববৃহৎ হকী ষ্টেডিয়াম ৰূপে স্বীকৃত বীৰছা মুণ্ডা ষ্টেডিয়াম ত ২০০০০ৰো অধিক দৰ্শকৰ সন্মুখত খেলা খেলখনত অমিত ৰোহিদাছে ১২ মিনিটত পেনাল্টি কৰ্ণাৰত ভাৰতৰ হৈ প্ৰথমটো গ’ল দিয়ে। ২৬ মিনিটত হাৰ্দিক সিঙে দিয়ে দ্বিতীয়টো গ’ল।বিৰতিৰ পিছত দুয়োটা দলেই গ’ল দিব পৰা নাছিল। ১৫ জানুৱাৰীত একেখন খেলপথাৰতে ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে খেলিব লাগিব I আনহাতে, লীগৰ অন্তিমখন খেল ১৯ জানুৱাৰীত ভুৱনেশ্বৰত ৱেলছৰ বিৰুদ্ধে হ’ব।