ভাৰতৰ কোভিড সংকট হৈছে অন্যান্য মধ্য আৰু নিম্ন আয়ৰ দেশবোৰৰ বাবে এক আগন্তুক সংকটৰ সতৰ্কবাণীঃ আইএমএফ

বৰ্ত্তাসেৱা – ভাৰতত চলি থকা “প্ৰলয়ংকাৰী” এই দ্বিতীয় ঢৌৱে ইয়াতকৈ অধিক ভয়ংকৰ সময়ৰ ইংগিত দিয়ে।আই এম এফে উল্লেখ কৰা মতে ভাৰতৰ এই প্ৰলয়ংকাৰী পৰিস্থিতি হৈছে নিম্ন আৰু মধ্য আয়ৰ দেশবোৰৰ সাম্ভাব্য ঘটনাৰ সতৰ্কবাণী স্বৰূপ।

শুকুৰবাৰে আন্তৰ্জাতিক মুদ্ৰা নিধি (আই এম এফ)ৰ অৰ্থনীতিবিদ ৰুচিৰ আগৰৱালা আৰু ইয়াৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথৰ এক প্ৰতিবেদনত উল্লেখ কৰা আছে যে এনে পৰিস্থিতিৰ অধীনত, ২০২১ চনৰ শেষৰ ফালেও ভাৰতত ভেকছিন লোৱা লোকৰ জনসংখ্যা ৩৫ শতাংশৰ তলতে থাকিব বুলি আশা কৰা হৈছে।