ভাৰতীয় ‘এ’ দলৰ সহঃ অধিনায়কৰ দায়িত্বত ৰিয়ান পৰাগ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ ব’র্ডে শ্রীলংকাত অনুষ্ঠিত হ’বলগীয়া ত্রিদেশীয় শৃংখলাৰ বাবে ৰিয়ান পৰাগক ভাৰতীয় এ দলটোৰ সহঃ অধিনায়কৰ দায়িত্ব অর্পণ কৰিলে। অহা ৯-২১ জুনলৈ অনুষ্ঠিত হ’বলগীয়া ত্রিদেশীয় শৃংখলাটোৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোৰ অধিনায়ক হিচাপে তিলক বার্মাক নিযুক্তি দিয়া হৈছে। ইফালে ভাৰতৰ ছিনিয়ৰ দলত প্ৰথমবাৰৰ বাবে স্থান লাভ কৰিছে যুৱ বিস্ফোৰক বেটাৰ বৈভৱ সূর্যবংশীয়ে। ১৫ বছৰীয়া বৈভৱক ঘোষিত দলটোত অন্তর্ভুক্ত কৰা হৈছে। উক্ত শৃংখলাৰ দ্বাৰাই এদিনীয়া আন্তর্জাতিক ক্রিকেটত অভিষেক ঘটিব বৈভৱ সূৰ্যবংশীৰ। শৃংখলাটোত ভাৰতৰ উপৰিও শ্রীলংকা এ আৰু আফগানিস্তান এ অংশগ্ৰহণ কৰিব। শৃংখলাটোৰ বাবে ঘোষিত ভাৰতীয় এ দলটো হ’ল- তিলক বার্মা, প্রিয়াংশ আর্য, বৈভৱ সূৰ্যবংশী, ৰিয়ান পৰাগ, আয়ুস বাড’নি, নিশান্ত সিন্ধু, হর্ষ ডুবে, সূৰ্যাংশ ছেজে, প্রভছিমৰন সিং, কুমাৰ কুশাগ্রা, বিপ্রাজ নিগম, য়শ ঠাকুৰ, য়ুধবীৰ সিং, অংশুল কম্বোজ আৰু আছাদ খান।
