অসমীয়া কিতাপ পঢ়িব কোনে: ডিব্ৰুগড়ত”সাহিত্য সন্ধিৎসা’গ্ৰন্থ  উন্মোচন

অসমীয়া কিতাপ পঢ়িব কোনে: ডিব্ৰুগড়ত”সাহিত্য সন্ধিৎসা’গ্ৰন্থ  উন্মোচন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ‘অসমীয়া মানুহৰ কাৰণে চিন্তা কৰা, অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ কিতাপ লিখা লোকসকলে সম্প্রতি এটা প্রশ্নৰ মুখামুখি হৈছে,অসমীয়া কিতাপ পঢ়িব কোনে? দিনে দিনে নিজকে ক্ষয়ৰ দিশত আগ বঢ়াই নি থকা অসমীয়া জাতিটো আৰু কিমান বছৰলৈ থাকিবগৈ?’ এই সন্দেহ ব্যক্ত কৰে বিশিষ্ট সাহিত্যিক, লেখক ড° শশীকান্ত শইকীয়াই। ডিব্ৰুগড়ৰ বাগেশ্রী কলা মন্দিৰত অনুষ্ঠিত লেখক- অধ্যাপক ড° মৃদুল শৰ্মাৰ নৱতম গ্রন্থ ‘সাহিত্য সন্ধিৎসা’ উন্মোচনী অনুষ্ঠানত বিশিষ্ট নিবন্ধকাৰ, ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই এই মন্তব্য কৰে।অতি অন্তৰঙ্গ তথা অনুষ্টুপীয়া অনুষ্ঠানটোত গ্রন্থখন উন্মোচন কৰে ছল্ট ব্রুক একাদেমিৰ প্রবক্তা মৌচুম বৰুৱাই। তেখেতে লেখক ড° মৃদুল শৰ্মাৰ দায়িত্ববোধ, পর্যবেক্ষণশীলতা আৰু ভাষাৰ ওপৰত থকা দখলৰ বিষয়ে উল্লেখ কৰি তেখেতৰ প্ৰয়াত পিতৃ অধ্যাপক ড° প্রহ্লাদ কুমাৰ বৰুৱাৰ সৈতে ড° শৰ্মাৰ সম্পৰ্কৰ বিষয়েও স্মৃতিচাৰণ কৰে। কবি বৈদ্য ব্রাইট বুঢ়াগোহাঁয়ে আঁত ধৰা অনুষ্ঠানটোত প্রথমে সদ্যপ্রয়াত কবি জোনমণি দাসৰ স্মৃতিচাৰণ কৰি শ্ৰদ্ধাঞ্জলি তর্পণ কৰা হয়। পূর্বাশা বৰাৰ শাস্ত্রীয় নৃত্যৰে আৰম্ভ হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰে ক্ৰমে ডিব্ৰুগড়ৰ জ্যেষ্ঠ অধিবক্তা অৰূপ কুমাৰ ফুকন, বিশিষ্ট সঙ্গীত শিল্পী কল্পনা ভাগৱতী ভট্টাচাৰ্য্য, চিত্রশিল্পী-ভাস্কৰ দেৱকৃষ্ণ বৰুৱা, কবি বৈদ্য ব্রাইট বুঢ়াগোহাঁই, নৃত্যশিল্পী মিনাক্ষী গগৈ, শিৱসাগৰৰ স্পেকট্রাম প্রকাশনৰ স্বত্ত্বাধিকাৰী কৌশিক বৰদলৈ আৰু মনজিৎ বৰদলৈ আদি গণ্য-মান্য লোকসকল উপস্থিত থাকে। অনুষ্ঠানত কবিতা আবৃত্তি কৰে ক্ৰমে ডলী বুঢ়াগোহাঁই আৰু স্বর্ণালীম শইকীয়াই আৰু এটি গীত পৰিৱেশন কৰে স্মৃতিৰেখা দেৱীয়ে। প্রকাশক বন্দনা কেশিক বৰদলৈয়ে নিজকে কিতাপ পঢ়ি ভাল পোৱা ব্যক্তি হিচাপে পৰিচয় দি তেওঁ এই গ্রন্থখন অসমীয়া সমালোচনাৰ জগতত এখন বিশেষ গ্রন্থ হিচাপে পৰিচিত হ’ব বুলি আশা প্রকাশ কৰে। গ্ৰন্থৰ লেখক ড° মৃদুল শর্মাই কয় যে তেওঁৰ প্ৰথমখন কিতাপৰ নাম পৰিকল্পনা কৰা হৈছিল ‘সাহিত্য সন্ধিৎসা’ ৰূপে যিখন কিতাপৰ বাবে পাতনি এখন লিখি দিছিল তেওঁৰ শ্রদ্ধেয় শিক্ষাগুৰু ডক্তৰ প্ৰহ্লাদ কুমাৰ বৰুৱাই। কিন্তু দুর্ভাগ্যবশতঃ কিতাপখন নোলালগৈ। তাৰ পাছত ইতিমধ্যে কুৰিখনৰো অধিক কিতাপ প্রকাশ হ’ল যদিও কোনো কিতাপতে কাৰো হতুৱাই পাতনি লিখোৱাৰ কথা তেওঁ ভাবিব নোৱৰা হ’ল। ‘সাহিত্য সন্ধিৎসা’ উৎসর্গা কৰা হৈছে প্রয়াত ড° প্রহ্লাদ কুমাৰ বৰুৱাৰ স্মৃতিত। অনুষ্ঠানত ড° প্রহ্লাদ কুমাৰ বৰুৱাৰ ব্যক্তিত্বৰ বিভিন্ন দিশৰ ওপৰত একাধিক বক্তাই বক্তব্য ৰাখে। প্রকাশকৰ পক্ষৰ পৰা ‘সাহিত্য সন্ধিৎসা’ ৰসগ্ৰাহীসকলে আদৰি ল’ব বুলি গভীৰ প্রত্যয়েৰে আশা ব্যক্ত কৰে। ২০০৫ চনৰ পৰা বাগেশ্রী কলা মন্দিৰে শিশু আৰু কিশোৰৰ ব্যক্তিত্ব আৰু প্ৰতিভাৰ স্বাভাৱিক বিকাশৰ অৰ্থে কৰি অহা কাম-কাজৰ কিছু আভাস দাঙি ধৰি অধ্যক্ষা স্মৃতিৰেখা দেৱীয়ে প্রকাশ কৰে যে এই বছৰৰ পৰাই অধিক পৰিকল্পিত আৰুগতিশীল ৰূপত শিশুসকলক লৈ বহু নতুন নতুন কার্যসূচী ৰূপায়ন কৰিব বুলি উল্লেখ কৰে।