ভাৰতত নতুনকৈ ১.৬৭ লাখ লোক কৰ’নাত আক্ৰান্ত

p.c. TheEconomicTimes

ভাৰতত নতুনকৈ ১.৬৭ লাখ লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১,৬৭,০৫৯ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। ১,১৯২জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে।যাৰ ফলত  ভাৰতত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৯৬,২৪১ জনলৈ বৃদ্ধি হৈছে।দেশখনত নতুনকৈ মৃত্যু হোৱা লোকৰ ভিতৰত কেৰালাৰ ৬৩৮জন লোক।আনহাতে বৰ্তমান দেশখনত ১৭,৪৩,০৫৯ টা সক্ৰিয় ঘটনা আছে। দৈনিক পজিটিভৰ হাৰ ১৫.৭৭% ৰ পৰা ১১.৬৯% লৈ হ্ৰাস পাইছে।