অহা ৫ বছৰত ৬০লাখ চাকৰি সৃষ্টি কৰিবলৈ ১৪টা খণ্ডত পিএলআই আঁচনি

pc.- the economic times

অহা ৫ বছৰত ৬০লাখ চাকৰি সৃষ্টি কৰিবলৈ ১৪টা খণ্ডত পিএলআই আঁচনি

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় বাজেট উপস্থাপন কৰাৰ সময়ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ১৪ টা খণ্ডত প্ৰডাকচন লিংকড ইনচেণ্টিভ (পিএলআই) আঁচনিয়ে এক উৎকৃষ্ট সঁহাৰি লাভ কৰিছে। ইয়াৰ ফলত পৰৱৰ্তী পাঁচ বছৰত ৬০ লাখ নতুন চাকৰি আৰু ৩০ লাখ কোটি অতিৰিক্ত উৎপাদন সৃষ্টি কৰাৰ সম্ভাৱনা আছে বুলি তেওঁ কয়। তেওঁ ‘মেড ইন ইণ্ডিয়া’ টেবলেট ব্যৱহাৰ কৰি বাজেট উপস্থাপন কৰিছিল।