ভাৰতত কৰʼনা সংক্ৰমণৰ ঘটনা একেৰাহে দ্বিতীয় দিনৰ বাবে বৃদ্ধি 

PC Olive- Diagnostics

ভাৰতত কৰʼনা সংক্ৰমণৰ ঘটনা একেৰাহে দ্বিতীয় দিনৰ বাবে বৃদ্ধি 

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৯,৪১৯ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। আৰু ১৫৯ জন লোকৰ নতুনকৈ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু হৈছে। যাৰ ফলত মুঠ মৃত্যুৰ সংখ্যা ৪,৭৪,১১১লৈ বৃদ্ধি হয়। আনহাতে ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা ৯৪,৭৪২টা আছে।