বৰ্তমান সময় আৰু নাৰী সমাজ ~ মোজাহিদুল ইছলাম

PC-Torlowei

বৰ্তমান সময় আৰু নাৰী সমাজ~~~~~~মোজাহিদুল ইছলাম

সছাঁকৈ বৰ্তমান সময় নাৰী সকলৰ বাবে বহুত কঠিন হৈ পৰিছে। দিনক দিনে বৃদ্ধি পাইছে নাৰী নিৰ্যাতন আৰু ধৰ্ষণ যেন সুৰক্ষিত নহয় আজি নাৰী সমাজ। দেশৰ বা ৰাজ্যৰ আইনি ব্যৱস্থা যিমানেই কটকটীয়া হৈছে সিমানেই বৃদ্ধি পাইছে নাৰী নিৰ্যাতন আৰু ধৰ্ষণ। আছলতে কেন্দ্রীয় বা ৰাজ্য চৰকাৰ বাকীবোৰ দিশত যিমান কটকটীয়া হৈছে কিন্তু এইটো দিশত সিমান এটা কটকটীয়া ব্যৱস্থা লোৱা দেখা পোৱা নাই। আজি কিছুদিন আগতে চুমিলা ৰংহাংপী তাৰ পিছত দীপশিখা শইকীয়া আকৌ ইদিনাখন এটা ভিদিওঁ পালো যিটো ভিদিওঁ মই চাব পৰা নাছিলো ইমানেই দুখ লগা। এবাৰ ভাবি চাবছোন সিহতৰো আছিল আমাৰ দৰে মনত পুহি ৰখা হেজাৰ সপোন, সিহতৰো আছিল জীয়াৰ অদম্য হেঁপাহ। কিন্তু সিহতক খেদি পঠিয়ালে সৌ দূৰণিলৈ য’ৰ পৰা আৰু সিহত কোনে দিনে ঘুৰি নাহে।কিমান আৰু ধৰ্ষণ, নিৰ্যাতনৰ বলি হব নাৰী সমাজ।
মোৰ মতে ধৰ্ষণ কাৰিৰ বাবে কোনে বিচাৰ প্ৰক্ৰিয়াৰ প্ৰয়োজন নাই, উচিত শাস্তি প্ৰদান কৰিব লাগে নহলে এদিন এনে সময় আহিব যে মানুহে কন্যা সন্তান জন্ম দিব ভয় কৰিব। আৰু কিমান লিখিম সামাজিক মাধ্যমত ন্যায় লাগে, ন্যায় লাগে বুলি আৰু কিমান অনুৰোধ কৰিব সেই দুৰ্ভগীয়া পৰিয়াল বোৰে। সমাজ খন কি হব গৈ আছে একো ধৰিব পৰা নাই। যদি এবাৰ দোষীয়ে উচিত শাস্তি পালে হয় তেনেহলে পিছৰ সময়ত আৰু তেনে কাম কৰিব ভয় কৰিলে হয়। কিন্তু নাই কোনো বাৰেই দোষীয়ে উচিত শাস্তি নাপায়। দুদিন মানহে চৰ্চাত তাৰ থাকে পাছত তল পৰি যায়। সেইকাৰণেই চাগে তেনেবোৰ কাম কৰিব ভয় নকৰে। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ জনাওঁ যে বাকী বোৰ দিশ যেনেকৈ উন্নত হৈছে তেনেকৈ এই নাৰী নিৰ্যাতন আৰু ধষর্ণ কাৰিৰ ওপৰতো যেন কঠোৰ আইন প্ৰনয়ন কৰে।

মোবাইলনং-৮৮২২৫২৪৯৬