প্ৰধানমন্ত্ৰী মোডীয়ে শিক্ষাৰ্থী, অভিভাৱকৰ সৈতে  চি. বি. এছ. ই. (CBSE) অধিৱেশনত যোগদান কৰে

pc DNA India

অনলাইন বাৰ্ত্তাসেৱা – প্ৰধানমন্ত্ৰী মোডীয়ে চি.বি.এছ.ই.ৰ শিক্ষাৰ্থী আৰু অভিভাৱকৰ সৈতে হোৱা বাৰ্তালাপ টুইটাৰত তেওঁৰ মন্তব্যৰ এদিন পিছত আহিছিল, য’ত পৰীক্ষা বাতিল কৰাৰ বাবে ধন্যবাদ ঞ্জাপন কৰিছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা তেওঁলোকৰ বাবে আয়োজিত এক মতবিনিময় অধিৱেশনত অংশগ্ৰহণ কৰি চি.বি.এছ.ই.ৰ এদল শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলক আচৰিত কৰি তোলে। তেওঁ তেওঁলোকৰ সৈতে উৎসাহজনক কথাৰ ভাগ বতৰা কৰিছিল, তেওঁলোকৰ উদ্বেগবোৰ শুনিছিল, আৰু ২০২১ শিক্ষাবৰ্ষৰ বাবে ব’ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ বাবে তেওঁলোকৰ আন্তৰিক ধন্যবাদ লাভ কৰিছিল। বৰ্তমান সময়ৰ কোভিড পৰিস্থিতি আৰু শিক্ষাৰ্থীসকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ কথা মনত ৰাখি লোৱা হৈছিল প্ৰধানমন্ত্ৰী মোডীৰ ১ জুনৰ এই সিদ্ধান্তটো।