বৰষুণজাক আহিলে মোৰ আজিও কাগজৰ নাও বনাবলৈ মন যায়
হৃষীতা মেধী (মৌনতাৰ সংগী)
দ্বাদশ শ্ৰেণীৰ ছাত্ৰী
কনচেপ্ত চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, নগাঁও
আকাশখন যেতিয়া কলীয়া মেঘে আৱৰি ধৰে,
বুকুৰ কোণত সাৰ পাই উঠে এটি পুৰণি অভ্যাস।
খিৰিকীৰ কাষত থিয় হৈ মই চাওঁ,
ধূলিধূসৰিত পথটো কেনেকৈ বৰষুণত তিতি জুৰুলি জুপুৰি হৈ পৰিছে,
বৰষুণৰ স্পৰ্শত কেনেকৈ সলনি হয় চহৰৰ ৰং।
টেবুলৰ ড্ৰয়াৰটো টানি মই বিচাৰো এখিলা বগা কাগজ,
হাতত তুলি লওঁ
দিনলিপিৰ পুৰণি উৱলি যোৱা পৃষ্ঠা,
নাইবা টেবুলত পৰি থকা কোনো অলাগতিয়াল পত্ৰিকা।
আঙুলিবোৰে পাহৰি যোৱা নাই সেই ভাঁজবোৰ,
চুকবোৰ মিলাই যেতিয়া মই কাগজখন সামৰো,
সময় যেন স্তব্ধ হৈ পৰে ক্ষন্তেকৰ বাবে।
শৈশৱৰ সেই বৰষুণজাক ইমান সহজ আছিল,
কাগজৰ নাওখন পানীত মেলি দিয়াই আছিল একমাত্ৰ লক্ষ্য।
কিন্তু এতিয়া, এই পৰিপক্ক বয়সৰ বৰষুণজাকত,
পানীৰ সোঁতত এতিয়া মই কেৱল কাগজৰ
সেই নাও খেলৰ স্মৃতিৰ প্ৰতিচ্ছবি নেদেখো,
সেই নাও খেলৰ স্মৃতিৰ প্ৰতিচ্ছবি নেদেখো,
দেখো জীৱনৰ এক গভীৰ অৰ্থৰ প্ৰতিবিম্ব।
আজি মই বনোৱা নাওখনত কোনো নাম নাই,
তাত থাকে কিছুমান অনুচ্চাৰিত শব্দ,
ব্যৰ্থতাৰ কিছু গধুৰ পৃষ্ঠা,
আৰু হেৰাই যোৱা সময়ৰ অলপ হুমুনিয়াহ।
তথাপিও মই সোঁৱৰণিৰ পাতত হেৰাই যাব খোজা
সেই কাগজৰ নাওখন মেলি দিব খোজো আলিবাটৰ জমা পানীত।
মই জানো, এই নাওখন বেছি দূৰ নাযায়,
অলপ আগুৱাই গৈয়েই ই তিতি গধুৰ হ’ব,
পানীৰ তলত লীন হৈ যাব ইয়াৰ অস্তিত্ব।
ঠিক আমাৰ সপোনবোৰৰ দৰেই,
যিবোৰ বাস্তৱৰ সোঁতত প্ৰতিদিনে ভাঙি পৰে।
তথাপিও বৰষুণজাক আহিলে মোৰ মন যায়,
আঙুলিৰে আকৌ এবাৰ স্পৰ্শ কৰিবলৈ সেই পুৰণি হেঁপাহটোক,
অতীত আৰু বৰ্তমানৰ সন্ধিক্ষণত থিয় হৈ,
শেঁতা হাঁহিৰ অলংকাৰেৰে উদ্ভাসিত কৰা নিজক
পুনৰ আৱিষ্কাৰ কৰাৰ এক নিৰৱ প্ৰয়াস।
পুনৰ আৱিষ্কাৰ কৰাৰ এক নিৰৱ প্ৰয়াস।
কাগজৰ নাওখন কেৱল পুতলা নহয়,
ই মোৰ ভিতৰত জীয়াই থকা সেই অবুজ শিশুটোৰ শেষ ঠিকনা,
যি এতিয়াও ধুমুহাৰ মাজতো পানীত ডুব যাবলৈ ইচ্ছা নকৰে,
পানীৰ উত্তাল ঢৌৰ মাজেৰে ভটিয়াই গৈ
থাকিবলৈ বিচাৰে।
