অৱশেষত জিলিকিল আকাশ – দীপশিখা শৰ্মা

Pc Unsplash

অৱশেষত জিলিকিল আকাশ

দীপশিখা শৰ্মা,দৰং,দেৱানন্দ সত্ৰ

মানুহজনৰ নাম আছিল অৰ্ণৱ। বাহিৰৰ পৰা হাঁহি থকা অৰ্ণৱৰ মনৰ ভিতৰত কিমান ধুমুহা আছিল, তাক কোনেও জনা নাছিল। জীৱনৰ বাটত তেওঁ বহুত কিবা-কিবোৰ হেৰুৱাইছিল। সেইবোৰ হেৰুওৱাৰ বেদনা তেওঁ মনৰ গভীৰত লুকুৱাই ৰাখিছিল, কাৰণ তেওঁ জানিছিল যে সমাজত নিজৰ দুখ প্ৰকাশ কৰিলে মানুহে কেৱল দুৰ্বলতাহে বুলি ভাবে।কিন্তু অৰ্ণৱ ভাগি পৰা নাছিল। বৰ্তমান তেওঁৰ জীৱনলৈ এজনী ধুনীয়া ছোৱালী আহিছে—তেওঁৰ পত্নী। তাইক লৈ অৰ্ণৱে নিজা সপোন ৰচিছে। বিয়াৰ পিছত তেওঁৰ দায়িত্ব আৰু কৰ্তব্য বহুত বাঢ়ি গ’ল, কিন্তু তেওঁ নিজৰ কৰ্তব্যৰ পৰা কেতিয়াও বিচলিত হোৱা নাই। বৰঞ্চ এই অভিজ্ঞতাই তেওঁক জীৱনত কেনেকৈ চলিব লাগে আৰু কি কৰিব লাগে, তাক ভালদৰে শিকালে।জীৱনৰ এই দীঘলীয়া সময়ছোৱাত অৰ্ণৱে মানুহক বহুত ওচৰৰ পৰা চিনি পালে। তেওঁ এটা বৰ ডাঙৰ সত্য অনুভৱ কৰিলে—এই পৃথিৱীত টকা থাকিলেহে সকলোৱে আপোনাক জানিব আৰু বুজিব। টকা নাথাকিলে আপোন বুলি ভাবি থকা মানুহবোৰেও কোনো গুৰুত্ব নিদিয়ে। যেতিয়া অৰ্ণৱৰ পৰিস্থিতি বেয়া আছিল, তেতিয়া বহুতে তেওঁক উপলুঙা কৰিছিল, তেওঁক দেখি হাঁহিছিল।অৰ্ণৱে মনতে প্ৰতিজ্ঞা কৰিলে—তেওঁ হাৰ নামানে। তেওঁ জীৱনৰ সৈতে শেষলৈকে যুঁজিব। যিবোৰ মানুহে এদিন তেওঁক দেখি হাঁহি থৈছিল, তেওঁলোকক দেখুৱাই দিব যে মানুহে চেষ্টা কৰিলে পৃথিৱীত নোৱাৰা কাম একোৱেই নাই। তেওঁ কাৰোবাৰ ওপৰত প্ৰতিশোধ ল’ব নিবিচাৰে, বৰঞ্চ নিজে সফল হৈ নিজৰ ভৰিৰ ওপৰত থিয় হ’ব খোজে।দিন-ৰাতি একাকাৰ কৰি অৰ্ণৱে কষ্ট কৰিবলৈ ধৰিলে। খোজবোৰ কঠিন আছিল, কিন্তু তেওঁৰ চকুৰ আগত আছিল পত্নীৰ মুখখন আৰু মনত আছিল সফল হোৱাৰ তীব্ৰ হেঁপাহ। অৱশেষত অৰ্ণৱৰ কষ্ট সাৰ্থক হ’ল। তেওঁ ব্যৱসায়ত অভূতপূৰ্ব সফলতা লাভ কৰিলে। যিসকল মানুহে এদিন তেওঁক আওকাণ কৰিছিল, আজি তেওঁলোকেই অৰ্ণৱৰ লগত সম্পৰ্ক গঢ়িবলৈ আগবাঢ়ি আহিল। অৰ্ণৱে হাঁহি মুখেৰে সকলোকে আদৰিলে, কাৰণ জীৱনৰ যুঁজখনে তেওঁক বহুত পৰিপক্ক আৰু শান্ত কৰি তুলিলে।