বৰণীয়া আকাশৰ ধোঁৱা
– পুলিন ডেকা
মৰুময় পাহাৰখনৰ নিজান দাঁতিত
খেলি আছে এন্ধাৰৰ বিষণ্ণ ৰাতিৰ এখিলা পাত
এৰি অহা সময়ৰ দৰে বিয়পি পৰিছে স্মৃতিৰ ছাঁ
পাতৰ আঁৰত আলফুলে বিয়পিছে হিৰন্ময়ী আবেলি
দোকমোকালিতে অহা অনিৰুদ্ধ আঙুলি এটাত
অনাই-বনাই ঘূৰি ফুৰিছে যৌৱনৰ উত্তাল তৰংগৰাশি
নৈখনৰ সুৰত এইমাত্ৰ জিৰাইছেহি পানীমেটেকাৰ সুহুঁৰি
ক’লৈ গ’ল বাৰু মোৰ উন্মাদনী পৃথিৱীৰ আৱাহন
বুকুত গজিছে তন্ময় জাৰণি
বৃদ্ধাৰ নীৰৱতাত সাৰ পাইছে একেই গুজৰণি
সিহঁতো এদিন ফুলিছিল ধূলিয়ে এৰি অহা পথটোত
অন্ধত্বক সাবটি লোৱা শিশুৰ চাৱনিত
অজস্র কোলাহলত ডুব যায় এটি সাগৰীয়া উশাহ
সাৰ নোপোৱা বহু নিশাই এৱা-ডেৱা কৰে
এলান্ধু বৰণৰ খিৰিকীখনেৰে
তথাপি খুলি ৰাখিছো প্ৰাণময় গুঞ্জনৰ এটা ভৰ দুপৰীয়া
কলকলনিত স্তব্ধ নোহোৱা ব্যাকুল শাওণৰ স্বপ্নৰ কাকলি
তেনেদৰে মই জ্বলাই ৰাখিছো কলিজাৰ স্পন্দনৰ
মমবাতিডাল
কি তেজৰ ঘোঁৰাত নাচে হাজাৰ বছৰীয়া উন্মাদনা
প্রেমিক হ’ব নোৱাৰাৰ দুখত আজিও বন্দী মাটিৰ দিগন্ত
এজাক চৰাইৰ ওঁঠ
ইভানাৰ ফ্ৰকত খেলি থকা পখিলাজাকৰ মাজত
এজাক বৰষুণ পৰিছে, তাইৰ
কলিজাৰ বিষণ্ণ ঘাত উৰি আছে এটা মূর্ছা যোৱা পাথৰ
এতিয়া কি দিম? সর্বত্ৰ বিয়পি পৰিছে
বৰণীয়া আকাশৰ ধোঁৱা।