বৰঝাৰ বিমানবন্দৰৰ  সমীপত নৱনির্মিত    চিনেমা হল  উদ্ধোধন

বৰঝাৰ বিমানবন্দৰৰ  সমীপত নৱনির্মিত    চিনেমা হল  উদ্ধোধন

ৰঙিলী বাৰ্ত্তাসেৱা-  যি  সময়ত ক’ভিডৰ  লগতে  আন আন বহু কাৰণৰ বাবে  ৰাজ্যৰ বহু বি চি চলচিত্ৰ গৃহ  বন্ধ হৈ পৰিছে সেই সময়তে গুৱাহাটীৰ  পশ্চিম প্ৰান্তৰ বৰঝাৰ বিমানবন্দৰৰ সমীপত আজাৰা ভি আই পিত নতুনকৈ নিৰ্মাণ কৰা ‘আৰ আৰ চিনেমাছ’ নামৰ এটা অত্যাধুনিক শীত তাপ নিয়ন্ত্ৰিত  চিনেমা হল সোমবাৰে উদ্ধোধন  কৰা হয় । মাংগলিক কাৰ্যৰ মাজেৰে চিনেমা হলটো  উদ্ধোধন কৰে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই৷আইমী বৰুৱাই ভাষণত কয়-চিনেমা উদ্যোগটোক জীয়াই ৰাখিবলৈ হ’লে এনেধৰণৰ চিনেমা হলে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব৷ উল্লেখযোগ্য যে নৱনির্মিত  হলটোত  ১৩৫ গৰাকী লোকে একেলগে চিনেমা উপভোগ কৰিব পাৰিব ।  প্ৰতিদিনে ৫ টাকৈ দর্শনীৰ ব্যৱস্থা থাকিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।  আনহাতে  উদ্বোধনী অনুষ্ঠানত  প্ৰিয়ম পল্লৱীকে ধৰি  সাংস্কৃতিক জগতখনৰ লগত জড়িত কেইবাগৰাকীও লোক উপস্থিত থাকে৷