‘ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধৰ্ম, সংস্কৃতি আৰু প্ৰত্নতত্ব’ বিষয়ক আঞ্চলিক আলোচনা চক্র সম্পন্ন

pc The Economic Times

‘ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধৰ্ম, সংস্কৃতি আৰু প্ৰত্নতত্ব’ বিষয়ক আঞ্চলিক আলোচনা চক্র সম্পন্ন

দিছপুৰ, ৯ অক্টোবৰঃ অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অধীনৰ অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত আৰু নবীন শৰ্মা স্মৃতিচ’ৰা, গুৱাহাটীৰ সহযোগত আজি গুৱাহাটীৰ লতাশিলস্থিত বিষ্ণু নির্মলা ভৱনত ‘ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধৰ্ম, সংস্কৃতি আৰু প্ৰত্নতত্ব’ বিষয়ক এখন এদিনীয়া আঞ্চলিক আলোচনা চক্র অনুষ্ঠিত হয়। প্রখ্যাত প্রত্নতত্ববিদ প্রয়াত ড. প্রদীপ শৰ্মাৰ স্মৃতিত অনুষ্ঠিত এই আঞ্চলিক আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত আজি অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা মুখ্য অতিথিৰূপে উপস্থিত থাকে। মুখ্য সচিবগৰাকীয়ে তেওঁৰ ভাষণত অসমৰ অন্যতম অগ্ৰণী প্রত্নতত্ববিদ প্রয়াত ড. প্রদীপ শৰ্মাৰ সৈতে থকা তেওঁৰ স্মৃতি ৰোমন্থন কৰি বহুমুখী প্রতিভাৰ গৰাকী ড০ প্রদীপ শমইি প্রত্নতত্ব ক্ষেত্ৰত বিশেষকৈ অসমৰ প্ৰাচীন ঐতিহ্যৰ ওপৰত থকা তেওঁৰ আগ্ৰহ আৰু আৱেগিক সম্পৰ্কৰ ফলত ৰাজ্যৰ প্ৰত্নতাত্বিক ক্ষেত্ৰখনত নতুন জ্ঞানৰ পোহৰ পেলাবলৈ সক্ষম হৈছিল বুলি উল্লেখ কৰে। তেওঁ লগতে ড০ প্রদীপ শৰ্মাৰ পৰিয়ালৰ হাতত অপ্রকাশিত অৱস্থাত থকা তেওঁৰ গৱেষণা পত্ৰসমূহ প্রকাশ হ’লে অসমবাসীয়ে অসমৰ প্ৰাচীন সভ্যতা-সংস্কৃতিৰ সৈতে জড়িত নন তথ্য জানিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে। ভাষণ প্ৰসংগত মুখ্য সচিবগৰাকীয়ে অসমত বুৰঞ্জী লিখন আৰু বিজ্ঞানসম্মত প্রত্নতাত্বিক কৰ্মৰাজিৰ ওপৰত বৃটিছ শাসনকালৰ পৰা স্বাধীনোত্তৰ কাল পর্যন্ত কেইবাজনো বুৰঞ্জীবিদ আৰু প্ৰশাসনিক বিষয়াই আগবঢ়োৱা অৱদানৰ বিস্তৃত অৱলোকন কৰে। বক্তব্যত মুখ্য সচিবগৰাকীয়ে এতিয়াও অসমৰ শিৱসাগৰ, তেজপুৰ আদি জিলাৰ লগতে অন্যান্য জিলাত থকা প্রত্নতাত্বিক দিশৰ পৰা গুৰুত্বপূৰ্ণ থলীসমূহৰ অধিক অধ্যয়নৰ প্ৰয়োজন আছে বুলিও উল্লেখ কৰে।

অনুষ্ঠান সন্মানীয় অতিথিৰূপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন মুৰব্বী ড০ ভাৰতী বৰুৱাই প্ৰয়াত ড০ শমইি প্রত্নতত্বৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয়ত কৰা অধ্যয়ন আৰু ৰাজ্যখনত অৱস্থিত প্রত্নতত্বৰ্থলীসমূহৰ সৈতে জড়িত বহু দিশ পোহৰলৈ অনাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ ওপৰত আলোকপাত কৰে। তেওঁ বক্তব্যত বৰ্তমানেও ৰাজ্যখনৰ চহকী সভ্যতা-সংস্কৃতিৰ চিনস্বৰূপ বহু প্রত্নতাত্বিক থলীৰ সৈতে জড়িত বহু দিশ উদ্‌ঘাটন হ’বলৈ বাকী আছে বুলি মন্তব্য কৰি নতুন চামক এনে থলীৰ বিস্তৃত অধ্যয়নৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

আলোচনাচক্ৰৰ আৰম্ভণিতে প্রয়াত ড. প্রদীপ শৰ্মাৰ সোঁৱৰণত উপস্থিত সকলোৱে তেওঁৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। আলোচনাচক্ৰৰ উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্রদান কৰে অসম প্রত্নতত্ব সঞ্চালকালয়ৰ হৈ উপ সঞ্চালিকা ৰঞ্জনা শৰ্মা আৰু প্ৰয়াত ড০ প্রদীপ শৰ্মাৰ পৰিয়ালৰ হৈ তেখেতৰ কনিষ্ঠ পুত্ৰ সন্দীপ কৌশিকে। আলোচনাচক্ৰৰ উদ্বোধনী অনুষ্ঠানত খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সচিব সীমা ভূঞা, নবীন শৰ্মা স্মৃতিচ’ৰাৰ সভাপতি ড০ চয়নিকা শর্মা, আলোচনাচক্ৰৰ আহ্বায়ক ড০ প্রদীপ শমর্হিও বক্তব্য ৰাখে। আলোচনাচক্ৰৰ শৈক্ষিক চৰণত গুৱাহাটী বিশ্ববিদ্যালয়, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, প্রত্নতত্ব সঞ্চালকালয়, পাণ্ডু মহাবিদ্যালয়, দৰঙ মহাবিদ্যালয়কে ধৰি কেইবাখনো মহাবিদ্যালয়ৰ প্ৰায় ৩১ জন গৱেষকে তেওঁলোকৰ গৱেষণা পত্র পাঠ কৰে।