ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বাংলাদেশলৈ পঠিওৱা ৩৪টা গৰুভৰ্তি নাও উদ্ধাৰ

pc EastMojo

অনলাইন বাৰ্ত্তাসেৱা – অসমত হিমন্ত বিশ্ব শৰ্মাই মূখ্যমন্ত্ৰী হিচাপে শাসনভাৰ লোৱাৰ পৰাই ড্ৰাক্স, গৰু সৰবৰাহ আদিৰ বিৰুদ্ধে এক প্ৰকাৰ বিদ্ধোহ সূচনা কৰে আৰু এতিয়ালৈকে বহু ক্ষেত্ৰত সফল হ’বলৈও সক্ষম হয়।এই সমূহক আওকাণ কৰি ধাৰাবাহিকভাৱে চলি আছে অসমৰ পৰা গৰুৰ চোৰাং সৰবৰাহ।

শনিবাৰে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বাংলাদেশলৈ পঠিওৱা ৩৪টা গৰুভৰ্তি এখন নাও উদ্ধাৰ কৰে ধুবুৰী আৰক্ষীৰ এটা দলে৷ নিশা ধুবুৰী অধীক্ষকৰ নিৰ্দেশত এক নিৰ্ভৰযোগ্য সূত্ৰৰ ভিত্তিত ব্ৰহ্মপুত্ৰৰ বুকুত আৰক্ষীয়ে চলাইছিল তীব্ৰ অভিযান ৷ ব্ৰহ্মপুত্ৰৰে বাংলাদেশলৈ পঠিওৱা গৰু ভৰ্তি এখন নাও প্ৰত়্যক্ষ কৰে আৰক্ষীয়ে ৷ নিশা গৰু সৰবৰাহকাৰীকেইটাক গৰুসহ গ্ৰেপ্তাৰ কৰিবলৈ প্ৰয়াস কৰে যদিও বিফল হয় ৷ পিছত আৰক্ষীয়ে ছয় জাঁই গুলী চালনা কৰে যদিও নাৱৰ পৰা নৈৰ বুকুত জাঁপ দি পলায়ন কৰে চোৰাং গৰুৰ সৰবৰাহকাৰীকেইটা।