বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন 

মনজিৎ বৰা সভাপতি ৰাতুল বুঢ়াগোহাঁই সম্পাদক হিচাপে পুনৰ নিৰ্বাচিত- টমাছ বুঢ়াগোহাঁইলৈ শিক্ষাবিদ অশোক বৰগোহাঁই সোঁৱৰণী সাংবাদিকতা বঁটা

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ বিগত দিনৰ দৰে বৰ্তমান আৰু ভৱিষ্যতেও যথেষ্ট প্ৰাসংগিকতা আছে। প্ৰেছ ক্লাবটোৱে বিগত সময়ছোৱাত ডিব্ৰুগড় আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ প্ৰতি থকা দায়বদ্ধতা আৰু আন্তৰিকতা নিষ্ঠাৰে প্ৰতিফলিত কৰি আহিছে। বিশেষকৈ প’ৰ্টেল আৰু ডিজিটেল সংবাদ মাধ্যমসমূহৰ লগতে মূলসুঁতিৰ সংবাদ মাধ্যমে সামৰি নোলোৱা বহু গুৰুত্বপূৰ্ণ বিষয় ৰাইজৰ সন্মুখলৈ অনাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত বাতৰি কোনে সোনকালে প্ৰচাৰ কৰিব পাৰে, সেই প্ৰতিযোগিতাতকৈ বাতৰিৰ সত্যাসত্য নিৰূপণ কৰি কোনে অধিক নিৰ্ভুল আৰু সম্পূৰ্ণ ৰূপত ৰাইজৰ সন্মুখত উপস্থাপন কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত। আগন্তুক দিনত ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপৰ সন্দৰ্ভতো পৰামৰ্শ আগবঢ়াই যাবলৈ তেওঁ সকলোকে আহ্বান জনায়।  ডিব্ৰুগড় সাহিত্য সভাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ বাৰ্ষিক সাধাৰণ সভাত এই মন্তব্য কৰে ডিব্ৰুগড়ৰ বিধায়ক তথা ডিব্ৰুগড় দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰশান্ত ফুকনে। ক্লাবৰ সভাপতি তথা অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণী ভাষণ প্ৰদান কৰে উপ-সভাপতি বিভাস দুৱৰাই। সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা সভাৰ আৰম্ভণিতে উপস্থিত অতিথি আৰু বিষয়ববীয়াসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সুদীৰ্ঘ ২২ বছৰীয়া যাত্ৰা আৰু আগন্তুক দিনত গ্ৰহণ কৰিবলগীয়া বিভিন্ন কাৰ্যসূচী তথা পদক্ষেপৰ বিষয়ে প্ৰতিষ্ঠাপক সভাপতি তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উপদেষ্টা ৰাজীৱ বুঢ়াগোহাঁইয়ে উদ্বোধনী ভাষণ প্ৰদান কৰে। সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে।সভাত ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সভাপতি তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপদেষ্টা বিপিন শৰ্মা, উপদেষ্টা মনোৰঞ্জন হাজৰিকা, চন্দন ফুকন, ড° লোহিত শইকীয়া, সন্থাৰ বিষয়ববীয়া যাদৱ গগৈ, শৈলেশ জৈন আৰু প্ৰশান্ত শইকীয়াই নিজ নিজ বক্তব্যৰে ক্লাবৰ ভৱিষ্যৎ কৰ্মপন্থাৰ সন্দৰ্ভত মতামত আগবঢ়ায়।সভাত বিধায়ক প্ৰশান্ত ফুকনক ফুলাম গামোচা,নিম পুলি আৰু স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয়।বাৰ্ষিক সাধাৰণ সভাত নতুন সমিতি গঠন কৰাৰ লগতে ডিব্ৰুগড়ৰ বিভিন্ন জ্বলন্ত সমস্যা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। নতুন সমিতিখনত ৰাজীৱ বুঢ়াগোহাঁই, মনোৰঞ্জন হাজৰিকা, বিপিন শৰ্মা, ড° লোহিত শইকীয়া, ড° শশীকান্ত শইকীয়া, ভূষণজ্যোতি সন্দিকৈ আৰু পেইম থি গোঁহাইক উপদেষ্টা হিচাপে মনোনীত কৰা হয়। আজিৰ সাধাৰণ সভাত মনজিৎ বৰাক সভাপতি, ৰাতুল বুঢ়াগোহাঁইক সাধাৰণ সম্পাদক পুনৰ নিৰ্বাচিত কৰাৰ লগতে, বিভাস দুৱৰাক কাৰ্যকৰী সভাপতি আৰু যাদৱ গগৈ, বাবুল সোণোৱালক উপ-সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। যুটীয়া সম্পাদক হিচাপে মুক্তামণি হাজৰিকা আৰু টমাছ বুঢ়াগোহাঁই, সহকাৰী সম্পাদক হিচাপে ধন্তি শইকীয়া আৰু খগেন দত্ত, সাংগঠনিক সম্পাদক হিচাপে জিতেন্দ্ৰ শ্ৰীবাস্তৱ, ৰক্তিম দাস, প্ৰশান্ত কোঁৱৰ, দীনেশ দাস আৰু অৰুণ জৈন, কাৰ্যালয় সম্পাদক হিচাপে সন্তোষ যাদৱ, কোষাধ্যক্ষ হিচাপে শৈলেশ জৈন আৰু পত্ৰিকা সম্পাদক হিচাপে হিৰণ্য কৌশিক বৰাক দায়িত্ব অৰ্পণ কৰা হয়।আনহাতে, প্ৰশান্ত শইকীয়া, ইফতিকাৰ হুছেইন, জগদীশ ভৰালী, জিতু দাস, ডেভিদ বুঢ়াগোহাঁই, সুতীৰ্থ মাধৱ দত্ত, শান্তনু গগৈ আৰু মুন্না ঘাটোৱালক কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচিত কৰা হয়। সভাত ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়া সমস্যাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ইয়াৰ বিজ্ঞানসন্মত অধ্যয়নৰ জৰিয়তে স্থায়ী সমাধানৰ দাবীত সংশ্লিষ্ট কৰ্তৃপক্ষক স্মাৰক-পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগ উন্নীতকৰণ, ডিব্ৰুগড় মহানগৰত দ্বৈত পথৰ ব্যৱস্থা, পৰ্যাপ্ত ষ্ট্ৰীট লাইট স্থাপন আৰু অত্যাধুনিক কাৰ পাৰ্কিং নিৰ্মাণৰ ক্ষেত্ৰতো সংশ্লিষ্ট বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰস্তাৱসমূহ গ্ৰহণৰ পাছত নৱনিৰ্বাচিত সভাপতি মনজিৎ বৰাৰ সভাপতিত্বমূলক বক্তব্যৰে সভাৰ সামৰণি মাৰে। তেওঁ ক্লাবৰ ২২ বছৰীয়া ঐতিহ্য আৰু ব্যতিক্ৰমী যাত্ৰাক অধিক শক্তিশালী কৰাৰ লগতে নৱপ্ৰজন্মৰ সাংবাদিকসকলৰ বাবে কাম কৰা আৰু কেৱল বাতৰি পৰিৱেশনতে সীমাবদ্ধ নাথাকি সমাজৰ প্ৰতি দায়বদ্ধ সহযাত্ৰী হিচাপে সাংবাদিক সকলে ভূমিকা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।ইয়াৰ পূৰ্বে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি মনজিৎ বৰাই। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে উপ-সভাপতি বিভাস দুৱৰাই আৰু স্মৃতি তৰ্পণ কৰে সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে। ইয়াৰ উপৰি বৃক্ষৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। মুকলি সভাত বিশিষ্ট চিকিৎসক তথা অসম আদিত্যৰ মুখ্য সম্পাদক ডাঃ নিৰ্মল চাহেৱালে সাংবাদিকতাৰ দায়বদ্ধতা আৰু সামাজিক ভূমিকা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। তেওঁ কয় যে সাংবাদিকতা কেৱল সত্য উন্মোচনৰ কৌশল নহয়; ই সমাজ সংস্কাৰ আৰু সামাজিক দায়বদ্ধতাৰ এক মহান সংকল্প। বাতৰি পৰিৱেশনৰ পূৰ্বে ইয়াৰ সুদূৰপ্ৰসাৰী সামাজিক প্ৰভাৱৰ বিষয়েও বিবেচনা কৰাটো এজন দায়বদ্ধ সাংবাদিকৰ কৰ্তব্য বুলি তেওঁ মন্তব্য কৰে। মহাত্মা গান্ধীৰ আদৰ্শৰে সাংবাদিকসকলৰ হাতত থকা অপৰিসীম শক্তিক আত্মসংযম আৰু বিবেচনাৰে ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। সত্যৰ সৈতে সংবেদন- শীলতাৰ ভাৰসাম্য ৰক্ষা কৰি সমাজৰ হিত সাধনক সাংবাদিকতাৰ মূল লক্ষ্য হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালে উদ্বোধনী ভাষণ প্ৰদান কৰে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই আদৰণী ভাষণ প্ৰদান কৰাৰ বিপৰীতে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই বক্তব্য আগবঢ়ায়।অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হিচাপে এনডি২৪ৰ ডিব্ৰুগড় জিলা ব্যুৰ’ৰ যুৱ সাংবাদিক টমাছ বুঢ়াগোহাঁইক ‘শিক্ষাবিদ অশোক কুমাৰ বৰগোহাঁই সোঁৱৰণী সাংবাদিকতা বঁটা–২০২৬’ প্ৰদান কৰা হয়। বঁটাত প্ৰশস্তি-পত্ৰ, জাপি, ফুলাম গামোচা, স্মাৰক, নগদ ধন আৰু চেলেং প্ৰদান কৰা হয়।বঁটা গ্ৰহণ কৰি টমাছ বুঢ়াগোহাঁইয়ে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে তেওঁক এই সন্মানৰ বাবে নিৰ্বাচিত কৰাত কৃতজ্ঞতা জ্ঞাপন কৰে। এই স্বীকৃতিয়ে তেওঁক আগন্তুক দিনত অধিক উৎসাহ আৰু দায়- বদ্ধতাৰে সত্যৰ পক্ষত থাকি নিৰ্ভীকভাৱে সমাজ আৰু ৰাইজৰ স্বাৰ্থত কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰিব বুলি তেওঁ কয়। মুকলি সভাত নৃত্যাংগণ কলা কেন্দ্ৰৰ মুখ্য প্ৰশিক্ষক ৰুবী গগৈ সন্দিকৈৰ নেতৃত্বত শিক্ষাৰ্থীসকলে কেইবাটাও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। শেহতীয়াকৈ প্ৰলয়ংকৰী বানত অকাল মৃত্যুক সাৱটি লোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু বানত সৰ্বস্বান্ত হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি ৰুবী গগৈ সন্দিকৈৰ পৰিচালনাত দুটা বিশেষ নৃত্যও পৰিৱেশন কৰা হয়। মুকলি সভাত ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উপদেষ্টা ৰাজীৱ বৰগোহাঁই, ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সভাপতি বিপিন শৰ্মা, প্ৰাক্তন সভাপতি মনোৰঞ্জন হাজৰিকা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক পেইম থি গোহাঁই, ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপ-সভাপতি দেৱজিৎ চুতীয়া আৰু সৌৰভ দুৱৰা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সদস্য চন্দন ফুকন, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি বদন গগৈ, অসম জাতীয় পৰিষদৰ উপ-সভাপতি ভূপেন ফুকন, সমাজকৰ্মী ভাস্কৰ শইকীয়া, ডিব্ৰুগড় নগৰ গড়াখহনীয়া প্ৰতিৰোধ সমিতিৰ উদয় শংকৰ মহন, জাতি- জনগোষ্ঠীয় ঐক্য মঞ্চৰ সভাপতি ৰাণা ৰঞ্জন গগৈ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পাৰ্থপ্ৰতিম কোঁৱৰ, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক অজিত বুঢ়াগোহাঁই, কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সম্পাদক অনিল প্ৰসাদ সিং, সাংস্কৃতিক কৰ্মী ৰাহুল দাস,ভাৰতী দুৱৰা বৰুৱা, বিশিষ্ট ক্ৰীড়া সংগঠক অঞ্জন চেতিয়া ,ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱা, বিশিষ্ট লোকবাদ্য শিল্পী জিতেন দাস, অনাতাঁৰ শিল্পী ভূৱন গগৈ, জ্যেষ্ঠ সাংবাদিক এম হাছিম আলী ,সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰৰ লগতে লাহোৱাল, বৰবৰুৱা, খোৱাং আৰু চাবুৱা প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল, বিভিন্ন সংগঠনৰ প্ৰতিনিধি, সাংস্কৃতিক কৰ্মী আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতে ক্লাবৰ বিত্তীয় সম্পাদক শৈলেশ জৈনৰ পুত্ৰ ঋষভ জৈনে এইবাৰ চাৰ্টাৰ্ড একাউণ্টেন্সি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত তেওঁক বিশেষভাৱে অভিনন্দন জনোৱা হয়। প্ৰায় দুই শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাৰ শেষত  যাদৱ গগৈয়ে শলাগৰ শৰাই আগবঢ়ায়।