বৃদ্ধ আৱাসীৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থাৰ চিন্তা মুখ্যমন্ত্ৰীৰ

বৃদ্ধ আৱাসীৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থাৰ চিন্তা মুখ্যমন্ত্ৰীৰ ,অপৰাধ কৰি সাৰি যাব নোৱাৰে অপৰাধী

ৰঙিলী বাৰ্ত্তাসেৱা-  বুধবাৰে নিশা গুৱাহাটীৰ বেলতলাত নৃশংস হত্যাৰ বলি হোৱা বৃদ্ধ দম্পতীৰ বাসগৃহত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷পৰিয়ালৰ সদস্যৰে মত বিনিময়ৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলো দিশ পৰ্যবেক্ষণ কৰে।ঘটনাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, দোষীক চিনাক্ত কৰা হৈছে।মহানগৰীত বৃদ্ধ আৱাসীৰ সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থাৰ চিন্তা কৰাৰ লগতে মহানগৰীত চিচিটিভিৰ সু-ব্যৱস্থাৰ কৰাৰ কথাও তেওঁ প্ৰকাশ কৰে।মুখ্যমন্ত্ৰীয়ে লগতে মহানগৰীত সংঘটিত কোনো অপৰাধৰ পৰা অপৰাধী সাৰি যাব নোৱাৰে বুলি উল্লেখ কৰে।