বুলেটপ্রুফ গ্লাছ শ্বিল্ড আঁতৰাই জম্মু-কাশ্মীৰবাসীৰ সৈতে বন্ধুত্বমূলকভাৱে বাৰ্তালাপ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

pc The Financial Express

বুলেটপ্রুফ গ্লাছ শ্বিল্ড আঁতৰাই জম্মু-কাশ্মীৰবাসীৰ সৈতে বন্ধুত্বমূলকভাৱে বাৰ্তালাপ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

ৰঙিলী বাৰ্ত্তাসেৱা – তিনিদিনীয়া কাৰ্যসূচীৰে ভ্ৰমণৰত কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহে জম্মু কাশ্মীৰলৈ প্ৰথমবাৰৰ বাবে শ্বেৰ-ই-কাশ্মীৰ ইণ্টাৰনেচনেল কনভেনচন চেণ্টাৰত জম্মু-কাশ্মীৰবাসীৰ সৈতে মুকলি বন্ধুত্বমূলকভাৱে বাৰ্তালাপ কৰে। এই বাৰ্তালাপৰ প্ৰসংগ উত্থাপন কৰি বুলেটপ্রুফ গ্লাছ শ্বিল্ড আঁতৰাই দিয়ে। গৃহমন্ত্রী শ্বাহে ভাষণত কয়— মোক সমালোচনা কৰা হৈছে, মোক গৰিহণা দিয়া হৈছে। মই আপোনালোকৰ সৈতে মুকলিভাৱে কথা পাতিব বিচাৰিছোঁ। য’ত কোনোধৰণৰ বুলেটপ্রুফ কৱচ তথা নিৰাপত্তা নাই। ফাৰুক চাহাবে পাকিস্তানৰ সৈতে কাশ্মীৰক লৈ আলোচনা কৰিবলৈ পৰামৰ্শ দিছে। কিন্তু মই জম্মু-কাশ্মীৰৰ যুৱ আৰু জনতাৰ সৈতেহে কথা পাতিম। বিৰোধী দল নেচনেল কনফাৰেঞ্চৰ সভাপতি ফাৰুক আব্দুল্লাই কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক কাশ্মীৰ বিষয়টোক লৈ পাকিস্তানৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনাইছে। পাকিস্তানৰ সৈতে আলোচনা কৰাৰ বিপৰীতে চৰকাৰে জম্মু-কাশ্মীৰৰ যুৱকৰ সৈতে কথা পাতিব বুলি ফাৰুক আব্দুল্লাৰ এই আহ্বানৰ পাছতে আব্দুল্লাক প্ৰত্যক্ষভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে।