বিশ্ব কুস্তি চেম্পিয়নশ্বিপত ভাৰতৰ সৰিতা ম’ৰে ব্ৰঞ্জৰ পদক  অৰ্জন

Pc- Free Press Journal

বিশ্ব কুস্তি চেম্পিয়নশ্বিপত ভাৰতৰ সৰিতা ম’ৰে ব্ৰঞ্জৰ পদক  অৰ্জন

অনলাইন বাৰ্ত্তাসেৱা-  ভাৰতীয় মল্লযোদ্ধা সৰিতা ম’ৰে বিশ্ব কুস্তি চেম্পিয়নশ্বিপত মহিলাৰ ৫৯ কিলোগ্ৰামত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। চুইডেনৰ চাৰা লিণ্ডবৰ্গক প্লে অফত ৮-২ গ’লত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে সৰিতাই। সৰিতাৰ কৃতিত্বৰ পূৰ্বে অংশু মালিকে  বিশ্ব কুস্তি চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে ইতিহাস ৰচনা কৰে।