‘প্ৰধানমন্ত্ৰী মোডীৰ পাক ক্ৰিকেট ব’ৰ্ডৰ পতন ঘটাব পৰা ক্ষমতা আছে’, পিচিবি ৰ মুৰব্বী

Pc- DAWN

‘প্ৰধানমন্ত্ৰী মোডীৰ পাক ক্ৰিকেট ব’ৰ্ডৰ পতন ঘটাব পৰা ক্ষমতা আছে’, পিচিবি ৰ মুৰব্বী

অনলাইন বাৰ্ত্তাসেৱা-  পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ (পিচিবি) অধ্যক্ষ ৰমিজ ৰাজাই শ্বেয়াৰ কৰে যে ভাৰত আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ তেওঁৰ দেশৰ ক্ৰিকেট ব’ৰ্ডৰ ওপৰত এক ডাঙৰ প্ৰভাৱ আছে। শেহতীয়াকৈ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰা ৰাজাই প্ৰকাশ কৰে যে যদি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সিদ্ধান্ত লয় যে পিচিবিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) পৰা কোনো পুঁজি লাভ কৰিব নালাগে তেন্তে পিচিবি ‘ধ্বংস’ হ’ব। “পিচিবিক আইচিচিৰ দ্বাৰা ৫০% পুঁজি যোগান ধৰা হয় যাক বিচিচিআইয়ে ৯০% পুঁজি যোগান ধৰে বা এক প্ৰকাৰে, ভাৰতীয় ব্যৱসায়িক প্ৰতিষ্ঠানবোৰে পাকিস্তান ক্ৰিকেট চলাই আছে। যদি কাইলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুভৱ কৰে যে আমি পাকিস্তানক কোনো ধৰণৰ পুঁজি প্ৰদান নকৰোঁ, তেন্তে এই ক্ৰিকেট বোৰ্ডখন ধ্বংস হ’ব পাৰে,” পাকিস্তানৰ চিনেট স্থায়ী সমিতিৰ বৈঠকত ৰাজাই কয়।