বিশ্ব আর্দ্রভূমি দিৱসৰ তাৎপৰ্য- ড° ইভা হাজৰিকা

p.c. vectorstock

বিশ্ব আর্দ্রভূমি দিৱসৰ তাৎপৰ্য

ড° ইভা হাজৰিকা,
 এছ কে হাজৰিকা কলেজৰ অধ্যক্ষ

প্ৰতি বছৰেই বিশ্বজুৰি ২ ফেব্ৰুৱাৰী দিনটো ‘বিশ্ব আর্দ্রভূমি দিৱস’ হিচাপে পালন কৰা হয়। বিশ্বৰ আৰ্দ্ৰভূমি অৰ্থাৎ জলাশয়, হ্রদ আদি সুন্দৰভাৱে সংৰক্ষণৰ সজাগতাৰ উদ্দেশ্যে এই দিনটো পালন কৰা হয়। ১৯৭১ চনত ইৰানৰ ৰামছাৰ (Ramsar) চহৰত ইৰানৰ Environment minister Eskandar Firouzৰ তৎপৰতাত বিশ্বৰ কিছুসংখ্যক প্রকৃতিবিদৰ উদ্যোগত এখন চুক্তি সম্পন্ন হয়। এই চুক্তি বিশ্বৰ ১৬০খন দেশে স্বাক্ষৰ কৰিছিল। যিহেতু ৰামছাৰ চহৰত আনুষ্ঠানিকতাৰে এই চুক্তি কৰা হৈছিল, সেয়ে ইয়াক Ramsar Convention on Wetlands বা Convention of Wetland বুলি জনা যায়। যিটো UNESCO (United Nations Educational Scientific and Cultural Organi zation)ৰ দ্বাৰা প্রতিষ্ঠিত। তেতিয়াৰ পৰা প্রতি তিনি বছৰৰ মূৰে মূৰে আনুষ্ঠানিকতাৰ মাজেৰে নতুন নতুন বিধি বা উপায় সম্পর্কে আলোচনা হয়। Ramsar Convention-এ আন ছটা আন্তর্জাতিক সংগঠনৰ লগত সম্পৰ্ক ৰাখি কাম কৰে। সেইকেইটা হৈছে— Bird life International, International Union for Conservation of Nature, International Water Management Institute, World Wide Fund for Nature, Wildfowl & Wetlands Trust। এই সংস্থাসমূহে বিভিন্ন দিশত অর্থাৎ বৈজ্ঞানিক নীতিৰে সংৰক্ষণৰ উপায় সম্পর্কে, ক্ষেত্র অধ্যয়ন, অর্থসাহায্য ইত্যাদি দিশত সহায় কৰে।
যিহেতু ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰী দিনটোতে আদ্রভূমি (Wetland) সংৰক্ষণৰ বাবে Ramsar Convention হৈছিল, সেয়ে সেই দিনটোক তেতিয়াৰ পৰাই ‘বিশ্ব আর্দ্রভূমি দিবস’ হিচাপে স্বীকৃতি দি আহিছে। পৃথিৱীৰ উল্লেখযোগ্য আর্দ্রভূমিসমূহ এই অনুষ্ঠানে বিশেষভাৱে স্বীকৃতি দি ৰামছাৰ ক্ষেত্র (Ramsar Site)ৰ অন্তৰ্ভুক্ত কৰে। ৰামছাৰ ক্ষেত্ৰৰ দ্বাৰা স্বীকৃত সেই আর্দ্রভূমিসমূহৰ অনুষ্ঠানে বান্ধি দিয়া নিয়মসমূহৰ অন্তৰ্ভুক্ত হ’ব লাগিব। ২০২১ চনৰ জুলাই মাহলৈকে বিশ্বত ২,৪২৪টা আৰ্দ্ৰভূমি ৰামছাৰ ক্ষেত্ৰ (Ramsar Site)ৰ অন্তৰ্ভুক্ত হৈছে। অষ্ট্রেলিয়াত থকা Cobourg Peninsulaক ১৯৭৪ চনত বিশ্বৰ প্ৰথমখন ৰামছাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। বিশ্বৰ আটাইতকৈ ডাঙৰ ৰামছাৰ ক্ষেত্ৰখন আছে দক্ষিণ আমেৰিকাৰ বলিভিয়া (Bolivia) নামৰ দেশখনত। সেই ক্ষেত্ৰখনক Llanos de Moxos নামেৰে জনা যায়। ইয়াৰ মুঠ কালি সোতৰ লাখ একৰ। প্ৰাকৃতিক জীৱ বৈচিত্ৰ্যৰ সমাহাৰ, দুষ্প্রাপ্য জলজ উদ্ভিদ আৰু প্ৰাণী, ডলফিন, ১৩১বিধ | স্তন্যপায়ী প্রাণী, ৫৬৮বিধ বিভিন্ন প্ৰজাতিৰ পক্ষী, ১০২বিধ | সৰীসৃপ, ৬২৫বিধ মাছ, ১০০০বিধ মান উদ্ভিদ প্রজাতিৰে পৰিপূৰ্ণ এই Llanos de Moxos wetland বিশ্বৰ অন্যতম।
আমাৰ দেশত মুঠ ৪৭টা ৰামছাৰ ক্ষেত্র আছে, এয়া দক্ষিণ এছিয়াৰ ভিতৰত বৃহৎসংখ্যক। পশ্চিমবংগৰ সুন্দৰবন ভাৰতবৰ্ষৰ ভিতৰতে ডাঙৰ ৰামছাৰ ক্ষেত্ৰ। ইয়াৰ মুঠ কালি ৪২৩০ বর্গ কিঃমিঃ। হিমাচল প্ৰদেশৰ ৰেণুকা আৰ্দ্ৰভূমি (Renuka Wetland) ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ সৰু ৰামছাৰ ক্ষেত্ৰ। ইয়াৰ মুঠ কালি ০.৪৯ বর্গ কিঃমিঃ। ভাৰতবৰ্ষৰ প্ৰথমটো ৰামছাৰ ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছিল। ওড়িশাৰ চিল্কা হ্রদ (Chilka)। ইয়াৰ মুঠ কালি ১১০০ বর্গ কিঃমিঃ। ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ প্ৰদেশত আটাইতকৈ বেছিসংখ্যক অর্থাৎ ৮টা ৰামছাৰ ক্ষেত্র আছে। প্রায় নখন ৰাজ্যত এখনকৈ ৰামছাৰ ক্ষেত্ৰ আছে। তাৰ ভিতৰত আমাৰ অসমো এখন। অসমৰ ৰামছাৰ ক্ষেত্ৰ বুলি বিবেচনা কৰা আৰ্দ্ৰভূমি হৈছে কামৰূপ জিলাত থকা দীপৰ বিল। উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰত লকটক হ্রদ আৰু ত্ৰিপুৰাৰ ৰুদ্ৰসাগৰ হ্রদ ৰামছাৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত।
অসমৰ দীপৰ বিল ১৯৫০ চনৰ ভূমিকম্পত পাহাৰ তল গৈ সৃষ্টি হোৱা বুলি জানিবলৈ পোৱা যায়। দীপৰ বিলক এক গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা বুলি চিহ্নিত কৰা হয়। ইয়াৰ মুঠ কালি ৪০ বর্গ কিঃমিঃ। দীপৰ বিলৰ পানীৰ মূল উৎস হ’ল বৰষুণৰ পানী। বিলখন মাছ আৰুপক্ষীৰ বাবেই বিখ্যাত আৰু গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰা হয়। ১২০ প্ৰজাতিৰ চৰাই এই বিলৰ আৱাসী। তদুপৰি শীতকালি অসংখ্য পৰিভ্ৰমী চৰাই ইয়ালৈ আহে। এই সময়ছোৱাত বিলৰ চৌপাশ পক্ষীৰ বাবে অধিক আকর্ষণীয় হৈ পৰে। দেশ-বিদেশৰ অনেক পৰিভ্ৰমী পক্ষীৰ জলক্রীড়াই মানুহক আনন্দ দিয়ে। বহুকেইটা প্রজাতি বিশ্বতে বিলুপ্তিৰ ফালে গৈ থকা বুলি আশংকা কৰা হৈছে। স্থায়ী আৰু আৱাসী পক্ষীৰ ভিন্ন প্রজাতিৰ উপস্থিতিৰ পৰিপ্ৰেক্ষিতত দীপৰ বিলক World life International-এ গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ ( Important Bird Area) বুলি ঘোষণা কৰিছে আৰু ইয়াৰ সুৰক্ষাৰ বাবে পৰামৰ্শ আগবঢ়াই আহিছে। বিলখনত ব্যৱসায়িক ভিত্তিত উপযোগী প্রায় পঞ্চাশটা প্ৰজাতিৰ মাছ আছে। কাছ আৰু অনেক উভচৰ প্ৰাণীৰো বসতিস্থল। ইয়াত মাছৰ পোনা উৎপাদন কৰা হয়। শীতকালি ডাঙৰ আৰু ডাঠ পাতৰ জলজ উদ্ভিদৰ ওপৰত বহি থকা চৰাইবোৰে দর্শনার্থীক আকৃষ্ট কৰে। দীপৰ বিল জৈৱিক আৰু প্ৰাকৃতিক দুয়োফালৰ পৰা অতি গুৰুত্বপূৰ্ণ। প্রাকৃতিকভাৱে পানী সংৰক্ষিত এলেকা। ইয়াৰ সৰ্বতোপ্ৰকাৰে উন্নতিৰ বাবে সকলো লোক | সজাগ হোৱা উচিত। অসম যিহেতু জলাশয়, বিল আদিৰে ভৰা আৰ্দ্ৰভূমিপ্ৰৱণ ঠাই, কিন্তু ৰামচাৰ ক্ষেত্ৰ হিচাপে বিবেচিত হোৱা একমাত্র দীপৰ বিলখনক সুন্দৰকৈ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰি ৰখাটো দীপৰ বিলৰ কাষৰীয়া সকলো লোকৰো কৰ্তব্য। কেৱল অসমতে নহয়, বিশ্বৰ বহু আর্দ্রভূমি গুৰুত্বহীনতাৰ বাবে, মানুহৰ সজাগতাৰ অভাৱত অঞ্চলসমূহত অন্যান্য কাৰ্যৰ ঠাই হৈ পৰিছে। ফলস্বৰূপে আৰ্দ্ৰভূমিৰ আকাৰ কমি আহিছে।
২০১৫ চনৰ পৰা নতুন প্ৰজন্মক আৰ্দ্ৰভূমিৰ প্ৰতি সজাগ কৰাৰ বাবে ১৫ বছৰৰ পৰা ২৪ বছৰ বয়সৰ লোকৰ ভিতৰত ফটো প্ৰতিযোগিতা পাতি আহিছে। তেওঁলোকে আৰ্দ্ৰভূমিৰ ফটো World Wetland Day ৱেবছাইটত দিলে যদি বাছনিত উঠে, তেওঁক পৃথিৱীৰ যিকোনো ৰামছাৰ ক্ষেত্ৰ এখনলৈ যোৱাৰ সুবিধা দিয়ে। তদুপৰি মানুহৰ মাজত সজাগতা আৰু গুৰুত্বৰ বিষয়ে জানিবলৈ বহু ধৰণৰ কাম কৰি আহিছে, যেনে— বক্তৃতা অনুষ্ঠান, ছেমিনাৰ, শিশুৰ বাবে ছবি অঁকা প্ৰতিযোগিতা ইত্যাদিৰ উপৰি ৰেডিঅ’, টেলিভিছনত নানান প্রগ্রেম ইত্যাদি। প্ৰতিটো বছৰতে একোটা বিষয় ধার্য কৰি দিয়া হয়। ২০২০ চনত বিষয় আছিল – Wetland and Biodiversity, ২০২১ চনত Wetlands and Water আৰু ২০২২ চনত ইয়াৰ বিষয় হৈছে——– Wetland Action for People and Nature.

আৰ্দ্ৰভূমি সংৰক্ষণৰ পৰা মানৱ জাতিৰ বাবে উপকাৰ অপৰিসীম। আৰ্দ্ৰভূমিয়ে বহুধৰণৰ প্ৰাকৃতিক দিশৰ উন্নতিত প্ৰভাৱ পেলাই আহিছে। বানপানী সমস্যা সমাধান, নির্মল পানী, জীৱকুলৰ বসবাস,পৰ্যটন উদ্যেগ, মীন বিভাগ ইত্যাদিৰ ক্ষেত্ৰত | মানৱ জাতিৰ বহু উপকাৰ হৈছে। মন কৰিবলগীয়া কথা যে জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত আৰ্দ্ৰভূমিয়ে গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে। জলবায়ুৰ সমতা স্থাপনত, প্ৰদূষণ দূৰীকৰণত আৰ্দ্ৰভূমিৰ ভূমিকা যথেষ্ট। এই আৰ্দ্ৰভূমিসমূহক মানৱ জাতিয়ে যদি উচিত ব্যৱহাৰ কৰি ভালকৈ সংৰক্ষণ কৰিব খোজে, তেতিয়াহ’লে সজাগতাৰ অতি প্রয়োজন। আশা কৰিছোঁ, আজি ২ ফেব্ৰুৱাৰী দিনটোত প্ৰতিজন লোকৰ মনত আৰ্দ্ৰভূমিৰ প্ৰতি প্রেম ভাব জাগ্রত হওক আৰু সজাগতাক গুৰুত্ব দিয়ক।