বিশ্বৰ সুন্দৰতম বিমানবন্দৰৰ তালিকাত গুৱাহাটী এয়াৰপ’ৰ্টৰ টার্মিনেল-২

বিশ্বৰ সুন্দৰতম বিমানবন্দৰৰ তালিকাত গুৱাহাটী এয়াৰপ’ৰ্টৰ টার্মিনেল-২

ৰঙিলী বাৰ্ত্তাসেৱা- অসম আৰু অসমবাসীৰ বাবে এটা আনন্দৰ খবৰ ৷ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বাধিক সুন্দৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ তালিকাত নবী মুম্বাই আন্তর্জাতিক বিমানবন্দৰৰ লগতে  স্থান লাভ কৰিছে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেলে ৷  বিশ্বৰ বিখ্যাত আর্কিটেক্সাৰ আৰু ডিজাইন বঁটাৰ ভিতৰত অন্যতম প্রিক্স ভাছেইলছ বঁটা ভাৰতৰ এই দুই আন্তর্জাতিক বিমানবন্দৰে লাভ কৰিছে। এই স্বীকৃতিয়ে বিমানবন্দৰ দুটাৰ উৎকৃষ্ট নির্মাণশৈলী, বহনক্ষমতা আৰু যাত্ৰীৰ অনুকূল পৰিকল্পনাক মান্যতা প্ৰদান কৰিছে। প্রিক্স ভাছেইলছ হৈছে স্থাপত্য আৰু ডিজাইনৰ ক্ষেত্ৰত প্ৰদান কৰা এক বিশিষ্ট বার্ষিক গোলকীয় বঁটা। এই বঁটা ২০১৫ চনৰ পৰা পেৰিছত অৱস্থিত ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত প্রদান কৰা হয়। এই বঁটাই নতুনকৈ মুকলি কৰা নতুন বিমানবন্দৰ আৰু নতুন টার্মিনেলসমূহক তেওঁলোকৰ সমসাময়িক সৃষ্টিৰ বাবে পুৰস্কৃত কৰে। এই বঁটা লাভৰ জৰিয়তে বিমানবন্দৰসমূহে পৰম্পৰাগত ধাৰাৰ পৰা আঁতৰি গৈ বিশ্বৰ অধিক সমৃদ্ধ আৰু অধিক সামঞ্জস্যপূর্ণ ৰূপত নিজকে তুলি ধৰিবলৈ সক্ষম হৈছে। নবী মুম্বাই আন্তর্জাতিক বিমানবন্দৰ আৰু লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ লগতে আন পাঁচটা আন্তর্জাতিক বিমানবন্দৰক এই তালিকাত স্থান দিয়া হৈছে। ইয়াৰ ভিতৰত আছে চীনৰ গুৱাংঝো, জার্মানীৰ ফ্রাংকফ’র্ট এমমেইন, কম্বোডিয়াৰ কাণ্ডালষ্টুৱেং, আমেৰিকাৰ পিটাৰ্ছবাৰ্গ আৰু ছানডিয়াগো। গুৱাহাটীৰ লোকপ্রিয় আন্তর্জাতিক বিমানবন্দৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ সংযোগস্থলত অৱস্থিত। ই উত্তৰ-পূব ভাৰতৰ এক ঐতিহাসিক প্ৰৱেশদ্বাৰ। উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ হিচাপে এই অঞ্চলটোৰ মনপৰশা পাৰিপাৰ্শ্বিক বৈচিত্র্য আৰু থলুৱা ঐতিহ্যৰ বাবে ই বিশ্বজুৰি প্রসিদ্ধ। লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ দ্বিতীয় টার্মিনেলৰ স্থাপত্যশৈলী বাঁহ অর্কিডৰ প্ৰাকৃতিক সৌন্দৰ্যৰ দ্বাৰা অনুপ্রাণিত। ই অতি উচ্চ কাৰিকৰী দক্ষতা আৰু বহনক্ষম গাঁথনিৰ জৰিয়তে এই অঞ্চলটোৰ চহকী জৈৱ-বৈচিত্র্যক প্রতিনিধিত্ব কৰিছে। আনহাতে, নবী মুম্বাই আন্তর্জাতিক বিমানবন্দৰৰ টার্মিনেল ১-এ ইয়াৰ সুকীয়া পদুম ফুলৰ দ্বাৰা অনুপ্রাণিত ভাস্কর্যশৈলীক প্রতিফলিত কৰিছে। এক বিশ্বমানৰ প্ৰৱেশদ্বাৰ গঢ়ি তোলা এই বিমানবন্দৰে আধুনিক ভাৰতৰ গোলকীয় অর্থনৈতিককেন্দ্রিক আকাংক্ষাকো প্রতিফলিত কৰিছে। প্রিক্স ভাছেইলছৰ দৰে আন্তর্জাতিক সম্মান লাভ কৰাৰ পিছত  আদানি এয়াৰপ’ৰ্ট হ’ল্ডিংছ লিমিটেডৰ এগৰাকী মুখপাত্রই সংবাদ মাধ্যমৰ আগত কয়- আমাৰ বিমানবন্দৰসমূহক বিশ্বব্যাপী স্বীকৃতি দিয়াত আমি সন্মানিত হৈছোঁ আৰু ভাৰতৰ বিমানবন্দৰক বিশ্বৰ আগশাৰীৰ বিমানবন্দৰৰ স্থান দিয়াৰ বাবে আমি আমাৰ সৰ্বোচ্চ বহনক্ষমতা আৰু কাৰিকৰী দক্ষতাৰ সৈতে সেৱা আগবঢ়াবলৈ প্রতিশ্রুতিবদ্ধ। আনহাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই স্বীকৃতিক আদৰণি জনায় আনন্দ প্ৰকাশ কৰা দেখা গৈছে ৷ সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে, ‘‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ এই আলোকচিত্ৰসমূহ নতুন অসমৰ অভূতপূৰ্ব গৌৰৱৰ প্ৰতীক । জনপ্ৰিয় প্ৰিক্স ভাৰ্ছেইলছ বিশ্বৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল–২-এ বিশ্ব মঞ্চত অসমক নতুন পৰিচয় দিছে । অসমৰ সমৃদ্ধ ঐতিহ্য, থলুৱা শিল্পকলা, প্ৰকৃতিৰ সৌন্দৰ্য আৰু স্থানীয় কাৰুকাৰ্যৰ অনন্য সমন্বয়েৰে নিৰ্মিত এই টাৰ্মিনেল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হিচাপে আজি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বাধিক সুন্দৰ বিমানবন্দৰসমূহৰ সন্মানীয় তালিকাত নিজৰ স্থান সুনিশ্চিত কৰিব পৰাটো এক পৰম গৌৰৱৰ বিষয়৷ বিশ্বমুখী অগ্ৰগামী যাত্ৰাৰ এক গৌৰৱোজ্জ্বল স্বীকৃতিৰ ক্ষণত অসমবাসীলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ ৷’’