মুখ্যমন্ত্রী ড° শৰ্মাক ‘যুগস্রষ্টা’ উপাধি প্রদান মুক্তিযুঁজাৰু সন্মিলনৰ

মুখ্যমন্ত্রী ড° শৰ্মাক ‘যুগস্রষ্টা’ উপাধি প্রদান মুক্তিযুঁজাৰু সন্মিলনৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শ্বহীদ কুশল কোঁৱৰৰ ৮৩সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে গুৱাহাটীৰ ৰূপনগৰস্থিত স্বতন্ত্র সেনানী ভৱনত আয়োজিত শ্বহীদ দিৱসৰ এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।  অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানতে মুক্তিযুঁজাৰু সন্মিলনীয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক যুগস্রষ্টা উপাধি প্রদান কৰে।  অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° শর্মাই দেশপ্রেম, ত্যাগ আৰু আত্মবলিদানৰ অনন্য প্রতীক শ্বহীদ কুশল কোঁৱৰৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি প্রদান কৰাৰ লগতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অতুলনীয় অৱদান আগবঢ়োৱা অসমৰ প্ৰতিগৰাকী অমৰ শ্বহীদ আৰু মুক্তিযুঁজাৰুৰ প্ৰতিও শ্রদ্ধা নিবেদন কৰে। এই অনুষ্ঠানতে ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ১৯৪২ চনৰ ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি ফাঁচিকাঠত ওলমিবলগীয়া হোৱা সমগ্ৰ দেশৰ ভিতৰতে অন্যতম আৰু আমাৰ ৰাজ্যৰ একমাত্ৰ বীৰ সংগ্ৰামীগৰাকীয়ে আছিল শ্বহীদ কুশল কোঁৱৰ। তেওঁৰ আপোচবিহীন স্থিতি, সত্যনিষ্ঠ আৰু দেশৰ বাবে হাঁহিমুখে কৰা আত্মবলিদানে স্বাধীনতা আন্দোলনক এক নতুন গতি প্রদান কৰিছিল। শ্বহীদগৰাকীৰ জীৱন পৰিক্ৰমাৰ সন্দৰ্ভত আলোকপাত কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ১৯০৫ চনত জন্মগ্রহণ কৰা আহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ বংশধৰ কুশল কোঁৱৰে মাথোঁ ১৭ বছৰ বয়সতে ১৯২১ চনৰ অসহযোগ আন্দোলনত সক্রিয়ভাৱে জঁপিয়াই পৰিছিল। তেওঁ পৰিয়ালৰ প্ৰতি থকা দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ লগতে অঞ্চলটোত শিক্ষাৰ পোহৰ বিয়পাবলৈ ৰেংমাই প্রাথমিক বিদ্যালয় স্থাপন কৰি অবৈতনিকভাৱে প্রধান শিক্ষকৰ দায়িত্ব লৈছিল। পৰৱৰ্তী সময়ত বালিজান চাহ বাগিচাত বাগিচা পৰিদৰ্শক হিচাপে কর্মজীৱন আৰম্ভ কৰা কুশল কোঁৱৰে মহাত্মা গান্ধীৰ আহ্বানত স্বাধীনতা সংগ্রামত নিজকে উৎসর্গিত কৰাৰ মানসেৰে স্বেচ্ছাই চাকৰিৰ পৰা ইস্তফা দিয়ে। কুশল কোঁৱৰ আছিল মহাত্মা গান্ধীৰ একান্ত অনুৰাগী আৰু অহিংস নীতিৰ পৰম পূজাৰী। তেওঁ কঠোৰভাৱে নিৰামিষভোজী হোৱাৰ লগতে স্বদেশী বস্তু গ্ৰহণৰ সংকল্প লৈ নিমখপর্যন্ত বৰ্জন কৰিছিল। সৰুপথাৰ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সম্পাদক হিচাপে নেতৃত্ব দি তেওঁ কানি বৰবিহ বৰ্জন আৰু অস্পৃশ্যতা দূৰীকৰণৰ দৰে সমাজ সংস্কাৰমূলক কামত ব্ৰতী হৈছিল। ১৯৪২ চনৰ গণ আন্দোলনৰ সময়ত ব্ৰিটিছৰ দমন নীতিৰ বিৰুদ্ধে দেশবাসীয়ে জঁপিয়াই পৰিছিল আৰু সেই আন্দোলনত একাংশ উত্তেজিত জনতাই অহিংস নীতিৰ পৰা আঁতৰি আহি ১৯৪২ চনৰ ১০ অক্টোবৰত সৰুপথাৰৰ ওচৰৰ চাংপুলত ৰে’লপথৰ চিৰি আঁতৰাই দিয়ে। যাৰ ফলত এখন সামৰিক ৰে’ল দুৰ্ঘটনাত পতিত হয় আৰু কেইবাশ ব্ৰিটিছ সৈনিকৰ মৃত্যু হয়। কুশল কোঁৱৰ এই হিংসাত্মক কাৰ্যৰ সম্পূর্ণ বিৰোধী আছিল আৰু ইয়াৰ সৈতে তেওঁৰ কোনো সম্পর্ক নাছিল। তথাপি ব্ৰিটিছ আৰক্ষীয়ে তেওঁক এই ষড়যন্ত্ৰৰ মূল নায়ক সজাই মিছাকৈ গ্ৰেপ্তাৰ কৰে আৰু কোনো নিৰ্ভৰযোগ্য প্রমাণ নোহোৱাকৈ কেৱল ৰাজনৈতিক প্রতিশোধমূলকভাৱে ১৯৪৩ চনৰ ৬ মাৰ্চত মৃত্যুদণ্ডৰ ৰায় দিয়ে। স্থিতপ্রজ্ঞ কুশল কোঁৱৰৰ মহানতাৰ কথা সোঁৱৰাই মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ফাঁচিৰ অন্যায় ৰায় শুনিও তেওঁ অলপো বিচলিত হোৱা নাছিল। কাৰাগাৰৰ অন্তিম দিনকেইটাত তেওঁ কেৱল ভগৱানৰ প্ৰাৰ্থনা আৰু গীতা পাঠ কৰি অতিবাহিত কৰিছিল। আনকি জে’লত শেষবাৰৰ বাবে সাক্ষাৎ কৰিবলৈ অহা পত্নী প্রভাৱতীক তেওঁ কৈছিল- মই মৰিলে দেশ থাকিব। দেশ স্বাধীন হ’ব। ১৯৪৩ চনৰ ১৫ জুনৰ পুৱা ৪.৩০ বজাত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত এইগৰাকী মহান দেশপ্রেমিকক ফাঁচিকাঠত ওলমোৱা হয়। মহাত্মা গান্ধীৰ ভাষাত কুশল কোঁৱৰ আছিল এজন প্রকৃত সত্যাগ্রগ্ৰাহী। ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই অনুষ্ঠানত কয়- কুশল কোঁৱৰৰ লগতে কমলা মিৰি, বেজা বাউৰী আৰু সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ দৰে মহান স্বাধীনতা সংগ্রামীসকলৰ ত্যাগেৰে সিক্ত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ কাষৰ প্ৰায় ১৭৫ বিঘা মাটিত ৰাজ্য চৰকাৰে ১৫৯ কোটি টকা ব্যয়সাপেক্ষে এখন স্বৰাজ উদ্যান নিৰ্মাণ কৰি যোৱা ১১ মাৰ্চত ৰাইজৰ সেৱাত উৎসৰ্গা কৰিছে। যোৰহাট কাৰাগাৰৰ ঐতিহ্য সুৰক্ষিত কৰি ৰাখিবলৈ শ্বহীদ কুশল কোঁৱৰৰ চেল, শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ চেল, ফাঁচিকাঠ আৰু পুৰণি কেন্দ্ৰীয় কাৰাগাৰৰ দেৱালসমূহ সংৰক্ষিত কৰা হৈছে। আনহাতে, মুক্তিযুঁজাৰুসকলৰ ত্যাগৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই মুক্তিযুঁজাৰুসকলৰ জীৱনৰ পৰা দেশপ্রেম, সততা আৰু কৰ্তব্যবোধৰ মূল্যবোধ আহৰণ কৰিবলৈ নৱপ্ৰজন্মক আহ্বান জনায়। তেওঁ কয়- নতুন প্রজন্মই জ্ঞান, দক্ষতা আৰু শ্ৰমেৰে বিকশিত ভাৰত আৰু বিকশিত অসম গঢ়াৰ মহান যজ্ঞত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব লাগিব আৰু এয়াই হ’ব শ্বহীদসকলৰ প্ৰতি আমাৰ প্ৰকৃত শ্রদ্ধাঞ্জলি। অসমৰ মুক্তিযুঁজাৰুসকল আৰু তেওঁলোকৰ উত্তৰাধিকাৰী পৰিয়ালসমূহৰ কল্যাণ, মর্যাদা আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত অসম চৰকাৰ সদায় দায়বদ্ধ বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। এই প্রসংগত তেওঁ কয়- স্বাধীনতা সংগ্রামীসকলৰ স্মৃতি ভৱিষ্যৎ প্ৰজন্মৰ মাজত জীয়াই ৰখাটো চৰকাৰৰ নৈতিক দায়িত্ব আৰু এই প্রচেষ্টা আগন্তুক দিনতো অধিক শক্তিশালীভাবে অব্যাহত থাকিব।  অনুষ্ঠানত বিধায়ক বিজয় কুমাৰ গুপ্তা, অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ সভাপতি পুণেশ্বৰ দুৱৰা, কাৰ্যকৰী সভাপতি ভোলানাথ নগৰীয়া আৰু সাধাৰণ সম্পাদক দ্বিজেন্দ্র মোহন শর্মা, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° প্রবীণ শৰ্মা, স্বতন্ত্রতা সেনানী উত্তৰাধিকাৰী পৰিষদৰ ৰাষ্ট্ৰীয় সচিব জিতেন্দ্ৰ ৰঘুবংশী, অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দেৱজিৎ বৰা, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি বাণেশ্বৰ খাউণ্ড, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক মাধৱ চন্দ্ৰ তালুকদাৰৰ লগতে মুক্তিযুঁজাৰুসকলৰ পৰিয়াল আৰু শ্বহীদ পৰিয়ালৰ প্ৰতিনিধিসকল তথা অন্যান্য বহু ব্যক্তি উপস্থিত থাকে।