অৱশেষত অন্ত পৰে আমেৰিকা আৰু ইৰানৰ মাজৰ যুদ্ধ

Pc History.com

অৱশেষত অন্ত পৰে আমেৰিকা আৰু ইৰানৰ মাজৰ যুদ্ধ

ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকা আৰু ইৰানৰ মাজত ১০৮ দিন ধৰি চলি থকা যুদ্ধৰ অৱশেষত অন্ত পৰে। ইয়াৰ লগে লগে সমগ্র বিশ্বই স্বস্তিৰ নিশ্বাস পেলাইছে। বিধ্বংসী সামৰিক সংঘাতৰ অন্ত পেলাই অৱশেষত এক বুজাবুজিত উপনীত হয় আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰান। ইয়াৰ লগে লগে ২৮ ফেব্ৰুৱাৰীত ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া আক্রমণেৰে আৰম্ভ হোৱা ৰক্তক্ষয়ী যুদ্ধৰ অৱশেষত অৱসান ঘটিছে। এই যুদ্ধৰ প্ৰথম দিনাই ইৰানৰ ধৰ্মগুৰু তথা সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইকে ধৰি বহু শীর্ষ নেতাৰ মৃত্যু হৈছিল। পশ্চিম এছিয়াৰ আকাশৰ পৰা যুদ্ধৰ ক’লীয়া ডাৱৰ আঁতৰাই দুয়োখন দেশে এক শান্তি চুক্তিৰ খচৰাত সন্মতি প্রকাশ কৰে। যোৱানিশা মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ঘোষণা কৰে যে ইৰানৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শান্তি চুক্তি সম্পন্ন হৈছে। ১৯ জুনত ছুইজাৰলেণ্ডৰ জেনেভাত দুয়োখন দেশৰ মাজত এই চুক্তি আনুষ্ঠানিকভাৱে স্বাক্ষৰিত হ’ব। সমগ্ৰ বিশ্বলৈ স্বস্তিৰ বাৰ্তা প্ৰেৰণ কৰি মার্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ছ’চিয়েল মিডিয়াত লিখে- ‘সকলোলৈকে অভিনন্দন। ইৰানৰ সৈতে আমেৰিকাৰ শান্তি চুক্তি সম্পন্ন হৈছে। এই ঐতিহাসিক চুক্তিয়ে সমগ্র অঞ্চলটোলৈ শান্তি আৰু নিৰাপত্তা কঢ়িয়াই আনিব। মোৰ পূৰ্বৰ বহু ৰাষ্ট্ৰপতিয়ে ইৰানৰ সৈতে শান্তি স্থাপনৰ চেষ্টা চলাইছিল। কিন্তু তেওঁলোক সকলো ব্যর্থ হৈছিল। প্ৰথমবাৰৰ বাবে অঞ্চলটোৰ নেতাসকলে এনে এগৰাকী ৰাষ্ট্ৰপতি পাইছে, যিয়ে তেওঁলোকক প্রকৃত শান্তি অৰ্জনত সহায় কৰিব পাৰে। তেওঁ লগতে হৰমুজ প্রণালীৰ পৰা মার্কিন অৱৰোধ আঁতৰোৱাৰ নিৰ্দেশ দিয়ে। সমগ্ৰ বিশ্বৰ জাহাজসমূহৰ নিজৰ নিজৰ ইঞ্জিন আৰম্ভ কৰিবলৈ আৰু তেল পৰিবহণ কৰিবলৈ কয়।’ বিগত চাৰে তিনি মাহজোৰা এই যুদ্ধৰ বাবে বিশ্বজুৰি অৰ্থনৈতিক মন্দাৱস্থা আৰু অপৰিশোধিত ইন্ধন তেলৰ সংকট তীব্ৰতৰ হৈ পৰিছিল। চুক্তি স্বাক্ষৰৰ খবৰ বিয়পি পৰাৰ লগে লগে বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য ৪.৫ শতাংশ হ্রাস পোৱাৰ লগতে বিশ্ব অর্থনীতিয়ে কিছু সকাহ লাভ কৰিছে।