বিশ্বজুৰি যুদ্ধসমাপ্তিৰ বাবে প্ৰধানমন্ত্ৰী মোদী, পোপৰ নেতৃত্বত এটা সংস্থা স্থাপন কৰক: মেক্সিকো ৰাষ্ট্ৰপতি

Pc- Hindustan Times

বিশ্বজুৰি যুদ্ধসমাপ্তিৰ বাবে প্ৰধানমন্ত্ৰী মোদী, পোপৰ নেতৃত্বত এটা সংস্থা স্থাপন কৰক: মেক্সিকো ৰাষ্ট্ৰপতি

ৰঙিলী বাৰ্ত্তাসেৱা-  মেক্সিকোৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মানুৱেল লোপেজ অব্ৰাডৰে কৈছে যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, পোপ ফ্ৰান্সিছ আৰু ৰাষ্ট্ৰসংঘৰ মুৰব্বীক লৈ এখন আয়োগ গঠনৰ বাবে ৰাষ্ট্ৰসংঘত প্ৰস্তাৱ দাখিল কৰিব। অব্ৰাডৰে লগতে কয় যে আয়োগৰ লক্ষ্য হ’ব “সমগ্ৰ বিশ্বত যুদ্ধ বন্ধ কৰা আৰু কমেও পাঁচ বছৰৰ বাবে যুদ্ধবিৰতি বিচাৰি এক চুক্তিত উপনীত হোৱা”ৰ প্ৰস্তাৱ উপস্থাপন কৰা।