কমনৱেলথ গেমছৰ সমাপ্তিৰ পিছত ইউকেত সন্ধানহীন হৈছে ২ জন পাকিস্তানী বক্সাৰ

Pc DAWN

কমনৱেলথ গেমছৰ সমাপ্তিৰ পিছত ইউকেত সন্ধানহীন হৈছে ২ জন পাকিস্তানী বক্সাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তান বক্সিং ফেডাৰেশ্যনে (পিবিএফ) কয় যে কমনৱেলথ গেমছৰ সমাপ্তিৰ পিছত বাৰ্মিংহামত দুজন পাকিস্তানী বক্সাৰ সন্ধানহীন হৈছে। পিবিএফৰ সচিব নাছিৰ টাঙৰ মতে, দলটো ইছলামাবাদলৈ প্ৰস্থান কৰাৰ কেইঘণ্টামান আগতে চুলেমান বালোচ আৰু নাজিৰুল্লাহ নিৰুদ্দেশ হৈছিল। পাকিস্তান অলিম্পিক এছ’চিয়েশ্যনে সন্ধানহীন হোৱা বক্সাৰসকলৰ বিষয়টোৰ তদন্তৰ বাবে এখন চাৰিজনীয়া কমিটী গঠন কৰিছে।