বিশিষ্ট সংগীত শিল্পী সুমন কল্যাণ দত্তৰ অকাল বিয়োগ

বিশিষ্ট সংগীত শিল্পী সুমন কল্যাণ দত্তৰ অকাল বিয়োগ

ৰঙিলী বাৰ্ত্তাসেৱা-  পাশ্চাত্য সংগীতৰ জনপ্রিয় কণ্ঠশিল্পী সুমন কল্যাণ দত্তৰ আকস্মিক বিয়োগ । বিশিষ্ট সংগীত শিল্পী সুমন কল্যাণ দত্তৰ শুকুৰবাৰে পুৱা প্রায় ৬ বজাত ৰাজগড়ৰ নিজ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৯ বছৰ। ৰক আৰু পশ্চিমীয়া সংগীত জগতৰ এক পৰিচিত আৰু অতি জনপ্ৰিয় মুখ আছিল দত্ত । পাশ্চাত্য সংগীত জগতত SKD হিচাপে পৰিচিত আছিল সুমন কল্যাণ দত্ত । জানিব পৰা অনুসৰি, বিগত কেইদিনমান ধৰি স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল কণ্ঠশিল্পীগৰাকী।  শিল্পীগৰাকীৰ মৃত্যুৱে অসমৰ শিল্পী সমাজৰ মাজত শোকৰ ছাঁ পেলাইছে। চিকিৎসক ডাঃ শৰৎ দত্ত আৰু ডাঃ দীপালী দত্তৰ দ্বিতীয় পুত্র সুমন কল্যাণ দত্তৰ জন্ম হৈছিল ১৯৬৬ চনত। খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ত স্কুলীয়া জীৱন আৰম্ভকৰা সুমন কল্যাণ দত্তই গুৱাহাটী কমার্চ কলেজৰ পৰা বি কম ডিগ্ৰী আহৰণ কৰিছিল। ইয়াৰ বাদেও জে বি আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্রীও তেওঁ গ্রহণ কৰিছিল। এটি বেচৰকাৰী কোম্পানীত কর্মজীৱন আৰম্ভ কৰা দত্তই পৰৱৰ্তী সময়ত সংগীতৰ প্ৰতি আকৰ্ষিত হয়। বিশেষকৈ অসমত পশ্চিমীয়া সংগীতক বিশেষভাৱে জনপ্ৰিয় কৰি তোলাত তেওঁ যথেষ্ট অৰিহণা যোগাইছিল। যিসময়ত অসমত পাশ্চাত্য সংগীতৰ বিশেষ প্রভাৱ পৰা নাছিল, সেই সময়তে তেওঁ পাশ্চাত্য সংগীতৰ প্ৰতি আকর্ষিত হোৱাই নহয়, তাক যুৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল। ৯০ৰ দশকত গুৱাহাটী মহানগৰীৰ ৰ’ক সংগীতৰ মুভমেন্টক প্ৰাৰম্ভিক আকাৰ প্ৰদান কৰা ঐতিহাসিক ফ্রেন্‌জ নামৰ ব্ৰেণ্ডটোৰ সদস্য ৰূপে অন্তর্ভুক্ত হৈ পাশ্চাত্য সংগীতৰ সাধনাত তেওঁ ব্ৰতী হৈ পৰিছিল। এক অৰ্থত ক’বলৈ হ’লে অসমৰ পাশ্চাত্য সংগীতৰ ধাৰাটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল শিল্পীগৰাকীয়ে। ১৯৯১ চনত তেওঁ জড়িত হৈ পৰে ক্ৰিষ্টেল পেলেছ বেণ্ডৰ সৈতে। ফ্রেণ্ডছ ফ’ৰেভাৰ শীৰ্ষক এলবাম এটিৰে তেওঁ অসমৰ ৰ’ক সংগীতৰ ক্ষেত্ৰখনত এক বিশেষ জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত মুন উইণ্ড নামৰ ৰ’ক বেণ্ডটোৰ সৈতে তেওঁ জড়িত হৈ বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ নিজাকৈ ‘এছকেডি’ নামেৰে এটা নতুন মিউজিক বেণ্ড গঠন কৰে। এই বেগুটোৱৈ শেহতীয়াকৈ গুৱাহাটী মহানগৰীত বিভিন্ন লাইভ পার্ফর্মেঞ্চৰ বাবে এক জনপ্রিয় বেগুলৈ পৰিণত হৈছিল। মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে পত্নী বনীতা দত্ত, দুই জীয়ৰী ক্ৰমে মৰিচা দত্ত আৰু শ্রেয়া দত্তসহ অনেক আত্মীয়-স্বজনক এৰি যায়।