জাপানৰ ৰাষ্ট্ৰদূতেৰে বার্তালাপ মুখ্যমন্ত্ৰীৰ

জাপানৰ ৰাষ্ট্ৰদূতেৰে বার্তালাপ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিশেষ কাৰণত জাপানৰ প্ৰধানমন্ত্রী ছানাই টাকাইচিৰ অসম ভ্ৰমণ বাতিল হ’ল যদিও অসম-জাপানৰ সম্পর্কই ইতিবাচক গতি লাভ কৰিছে। ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কেঈচি অ’নোৰ সৈতে ফোনযোগে এক বার্তালাপত মিলিত হয় অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। শুকুৰবাৰে সামাজিক মাধ্যমযোগে এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে কয় যে জাপানৰ ৰাষ্ট্ৰদূত কেঈচি অ’নোৰ সৈতে কালি ফোনযোগে এক আন্তৰিক আৰু ফলপ্রসূ বার্তালাপ কৰোঁ। আমাৰ এই আলোচনা কালত তেওঁ ভাৰতৰ এক্ট-ইষ্ট পলিচীৰ অধীনত অসমৰ সৈতে জাপান চৰকাৰৰ চলি থকা অংশীদাৰিত্ব আৰু সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে প্রতিশ্রুতি পুনৰ ব্যক্ত কৰে। সামাজিক মাধ্যমত দিয়া পোষ্টটোত মুখ্যমন্ত্রী ড° শর্মাই এই বিষয়ে ব্যাখ্যা কৰি লিখিছে-ইলেক্ট্র’নিকছ, ছেমিকণ্ডাক্টৰ, আন্তঃগাঁথনি, উৎপাদন উদ্যোগ আৰু উদ্যমিতা আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত-গতিশীল-ফলপ্রসূ কৰাৰ ক্ষেত্ৰত আমি উমৈহতীয়াভাৱে সহমত প্রকাশ কৰোঁ। অনাগত দিনসমূহত অসমৰ জনসাধাৰণৰ বাবে অধিক বিনিয়োগ, উদ্যোগ আৰু অর্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্রতিষ্ঠাসমূহৰ সৈতে অধিক নিবিড় সংযোগ-সহযোগিতা বৃদ্ধি কৰিবলৈ অসম সদায়ে আশাবাদী। উল্লেখ্য যে অহা ১ জুলাইত গুৱাহাটীত অনুষ্ঠিতব্য ভাৰত-জাপান শীর্ষ সম্মিলন উদ্বোধন কৰিবলৈ অহাৰ কথা আছিল দেশখনৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি। য’ত উপস্থিত থাকিলহেঁতেন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। কিন্তু আকস্মিকভাৱে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি অসম ভ্রমণসূচী বাতিল হয়। এই বিষয়ে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটাক সোমবাৰে নিশা জনাইছিল কেন্দ্রীয় বৈদেশিক সচিব বিক্রম মিশ্রিয়ে। কিন্তু কি কাৰণত জাপানৰ প্রধানমন্ত্রী ছানায়ে টাকাইচিৰ ভ্ৰমণসূচী বাতিল কৰা হ’ল, সেই বিষয়ে কেন্দ্রীয় বৈদেশিক মিশ্রিয়ে স্পষ্ট কৰা নাই। মঙলবাৰে অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পিছত এক সংবাদ মেলত মুখ্যমন্ত্রী ড° শৰ্মাই জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ অসম ভ্রমণসূচী বাতিলৰ বিষয়ে সদৰী কৰিছিল। তেওঁ জানিবলৈ দিয়া মতে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ এইবাৰৰ ভাৰত ভ্রমণ নতুন দিল্লীতে সীমাবদ্ধ থাকিব। অৱশ্যে প্রধানমন্ত্রী ছানায়ে টাকাইচি নাহিলেও পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ অনাৰ বাবে তেওঁলোকে পৃথকে এটা দিন স্থিৰ কৰিব।  তেনে পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে জাপানৰ ৰাষ্ট্ৰদূতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি পাৰস্পৰিক সহযোগিতাৰ কথা সদৰী কৰে ।