ৰহস্যৰ আৰত কোন
শচীন্দ্ৰ কুমাৰ দাস, পলাশবাৰী
কমল শৰ্মা তেওঁ এটি প্ৰাইভেট কোম্পানীত কৰ্মৰত। সামাজিক মাধ্যমত তেওঁ খুবেই চৰ্চিত। কিছুদিন আগতে তেওঁ সামাজিক মাধ্যমত কিছু মন্তব্য কৰি খুব বিতৰ্কৰ সন্মুখীন হব লগা হৈছিল। ৰুপালী দেবী তেওঁ প্ৰাইভেট নাৰ্চীঙহোম এখনত ৰিচিপ্টচনি ষ্ট হিচাপে কাম কৰে। দুয়োৰে প্ৰথম চিনাকি বাছষ্টেণ্ডত হৈছিল। সিদিনা কাম সামৰি ৰুপালী বাছষ্টেণ্ডত ৰৈ আছিল। কিন্তু কমল নাহিল। তেওঁৰ মোবাইল ফোন টোও বন্ধ আছিল । ৰুপালী অকলে ঘৰলৈ উভতি আহিল। সন্ধিয়াৰ টিভিৰ বাতৰি প্ৰকাশ হ’ল কমলৰ শৰীৰ ক্ষত বিক্ষত অৱস্থাত বাছ ষ্টেণ্ডৰ ওচৰত পৰি আছে। সিদিনা কমল কেনেকৈ ঢুকাল আজিও ৰহস্যৰ আৰত।।
