বিনীতা দেৱীক “এছিয়া বুক ৰেকৰ্ড” আৰু “ইণ্ডিয়া বুক ৰেকৰ্ড” ৰ সন্মান প্ৰদান

বিনীতা দেৱীক “এছিয়া বুক ৰেকৰ্ড” আৰু “ইণ্ডিয়া বুক ৰেকৰ্ড” ৰ সন্মান প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- কাউন্সিল অফ টিচাৰ চায়েণ্টিষ্ট আৰু ৰমন বিজ্ঞান আৰু প্ৰযুক্তি ন্যাসৰ দ্বাৰা আয়োজিত “ৰামানুজন অমৃত ভাৰত গণিত যাত্ৰা” ২০২১ চনৰ ২ অক্টোবৰ পৰা অনুষ্ঠিত হৈছিল। অসমকে ধৰি ভাৰতৰ ২৫ খন ৰাজ্যৰ ৭৫ খন বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষটো ছাত্ৰ ছাত্ৰী সকলৰ মাজত মনোগ্ৰাহী কৰি তোলাৰ উদ্দেশ্যেৰে কৰ্মশালা আৰু অন্তৰংগ আলাপ অনুষ্ঠিত কৰা হৈছিল। এই যাত্ৰা “এছিয়া বুক ৰেকৰ্ড” আৰু “ইণ্ডিয়া বুক ৰেকৰ্ড” হয়। অসমত এই যাত্ৰা সুকলমে পৰিচালিত কৰাৰ বাবে নেচনেল কাউন্সিল অফ টিচাৰ চায়েণ্টিষ্ট, ৰমন বিজ্ঞান আৰু প্ৰযুক্তি ন্যাসৰ অধ্যক্ষ তথা আন্ত: ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন গণিতজ্ঞ ড. চন্দ্ৰমোলী যোশীয়ে এণ চি ই আৰ টি, চি চি আৰ টি আৰু এছ চি আৰ টি ৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীক “এছিয়া বুক ৰেকৰ্ড” আৰু “ইণ্ডিয়া বুক ৰেকৰ্ড” ৰ সন্মান প্ৰদান কৰে।