বিদ্যুতৰ বিল বৃদ্ধিৰ বিৰোধিতা এছইউচিআইৰ

pc Zee News

বিদ্যুতৰ বিল বৃদ্ধিৰ বিৰোধিতা এছইউচিআইৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে বিদ্যুতৰ মাচুল  বৰ্তমানৰ  প্ৰতি ইউনিটত ৭.৫৫ টকাৰ পৰিৱৰ্তে ৯.৫৫ টকা আৰু দৰিদ্ৰ লোকৰ বাবে প্ৰচলিত জীৱনধাৰা আঁচনিৰ অধীনৰ ৪.২৫ টকাৰ পৰিৱৰ্তে ৬.০০টকা অৰ্থাৎ প্ৰতি ইউনিটত ২.০০ টকা বৃদ্ধি কৰাৰ বাবে বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত যি প্ৰস্তাৱ দাখিল কৰিছে তাৰ তীব্ৰ বিৰোধিতা কৰিছে এছ ইউ চি আই (কমিউনিষ্ট)দলে৷ অসম ৰাজ্যিক কমিটীৰ সম্পাদক কমৰেড চন্দ্ৰলেখা দাসে  এক প্ৰেছ বিবৃতি যোগে কয় যে বিদ্যুত বিভাগে দুবছৰে ক’ভিড পৰিস্থিতিত সৰ্বস্বান্ত হোৱা জনসাধাৰণক কিছু সকাহ দিয়াৰ পৰিৱৰ্তে  বিদ্যুৎ মাচুল বৃদ্ধি কৰি তেওঁলোকৰ ওপৰতে আৰু এটা মাধমাৰ শোধাবলৈ ওলাইছে ।বিদ্যুৎ পৰিষদৰ ওপৰমহলাৰ দুৰ্নীতি ,অব্যৱস্থা ,বিদ্যুতৰ অপচয় ,মাথা গধুৰ প্ৰশাসন তথা বিভিন্ন চৰকাৰী বিভাগত অনাদায় হৈ থকা কোটি কোটি টকা আদায় নকৰি  ধাৰ-ঋণ কৰি সময়মতে বিদ্যুৎ মাচুল আদায় দিয়া সাধাৰণ গ্ৰাহকৰ ওপৰতেই  বব নোৱাৰা আৰু এটা নতুন কৰৰ বোজা জাপি দিব বিচাৰিছে ।কমৰেড দাসে এই মাচুল বৃদ্ধিৰ পৰিকল্পনা শীঘ্ৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে চৰকাৰৰ এই জনবিৰোধী পৰিকল্পনাৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবলৈ সৰ্বস্তৰৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনায় ।