নিলাজি বনৰ সুখৰ হুমুনিয়াহ- ফখৰুদ্দিন আহমেদ

নিলাজি বনৰ সুখৰ হুমুনিয়াহ

  ফখৰুদ্দিন আহমেদ

সম্প্ৰতি গছবোৰে আকৌ

বৰফৰ চোলা নিপিন্ধে

বৰফৰ চোলাত নালাগে

পানীৰ বেজি

যুদ্ধবাজ হঁতৰ মৰনাস্ত্ৰবোৰত

যৌবনে কান্দে

প্ৰেমে বিনাই

মানুহৰ শ বোৰত

প্ৰেমিক হৃদয়ৰ আচোঁৰহীন

পুষ্ট ওঁঠৰ হাচনাহানাৰ সুবাস

আকাশখনৰ উদাৰতাত

নিৰ্যাতিতৰ দুঃস্বপ্নবোৰে

লিৰিকি বিদাৰি ফুৰিছে

জোনবাইৰ কলিজাৰ কোমল

সপোনৰ দৰেই

মহতিয়াই আছে

মানুহৰ ৰাজকীয় অট্টালিকা

ধ্বংস স্তুপত কান্দোনৰ ৰোল

সপোন ভাগি যোৱাৰ বেদনাত

উথপ্ থপ্ হৈ পৰিছে

 বলিয়া কিন্নৰ নাচোন

যুদ্ধত মানবতা ধোৱা হৈ উৰিছে

পৰাজিত হৈছে

নিলাজি বনৰ

পাত জাপ্ খাই যোৱা

সুখৰ হুমুনিয়াহ

সেউজীয়াৰ বুকুত

সেয়ে বৰফৰ চোলা পিন্ধিব’লে

গছবোৰে আবতৰীয়া সপোন দেখে

শুভ্ৰতাৰ আঁৰত

শিকিবলৈ জীৱনৰ প্ৰেম

মোবাইল নং-৮৬৩৮৩১২৭০৭