বিজ্ঞাপন সংশোধন কৰি পৰীক্ষা পতাৰ দাবী দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ

বিজ্ঞাপন সংশোধন কৰি পৰীক্ষা পতাৰ দাবী দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰে নিবনুৱাৰ বাবে প্ৰকাশ কৰা বিজ্ঞাপনটো সংশোধন কৰি পৰীক্ষা অনুষ্ঠিত হ’বলগা তাৰিখ আৰু ফলাফল ঘোষণা হ’বলগীয়া তাৰিখ স্পষ্ট কৰিবলৈ দাবী জনাইছে দুৰ্নীতি বিৰোধী যুৱ শক্তি আৰু সদৌ অসম আইন ছাত্ৰ সন্থাই৷ দিছপুৰ প্ৰেছ ক্লাবত সংগঠন দুটাই আয়োজন কৰা সংবাদ মেলত দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ কেন্দ্ৰীয় সভাপতি ধৰ্মকান্ত গগৈ আৰু সদৌ অসম আইন ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ বৰাই অসমৰ নিবনুৱাৰ ভৱিষ্যতক লৈ হেতালি নেখেলিবলৈ সকিয়াই দি কয়-বিগত সময়টো এনেধৰণৰ বিজ্ঞাপন প্ৰকাশ কৰি পৰীক্ষা অনুষ্ঠিত নকৰা আৰু নিযুক্তি প্ৰদান নকৰাৰ নজিৰ আছে৷আজি অসমৰ প্ৰায়বোৰ দৈনিক কাকতত অসম চৰকাৰৰ সৰ্বমুঠ ২৬,৪৪১টা খালী পদ পূৰণৰ বিজ্ঞাপন জাৰি কৰা হৈছে, উল্লেখযোগ্য যে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইনৰ মাধ্যমেৰে কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে।ইয়াৰে ভিতৰত তৃতীয় বৰ্গৰ মুঠ পদৰ সংখ্যা ১৩,১৪১টা আৰু চতুৰ্থ বৰ্গৰ বাবে পদৰ সংখ্যা ১৩,৩০০টা।আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী, অবিচি,এমঅবিচিৰ বাবে সৰ্বোচ্চ- ৩৫০ টকা।এছটি,এছচিৰ প্ৰাৰ্থীৰ বাবে সৰ্বোচ্চ ২৫০ টকা। ১১এপ্ৰিল পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া। আনহাতে আবেদনৰ অন্তিম তাৰিখ ৩০ মে৷অষ্টম শ্ৰেণী অৰ্হতাৰ পদ- ৯,০০০টা।মেট্ৰিক উত্তীৰ্ণৰ বাবে পদ- ৪,৩০০টা।ড্ৰাইভাৰঃ মুঠ পদৰ সংখ্যা- ১,১২০টা। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব বুলি বিজ্ঞাপনটোত উল্লেখ আছে। একাউণ্টেণ্ট, কেচিয়াৰ, জুনিয়ৰ এচিচটেণ্ট, এলডিএ আৰু ষ্টেনগ্ৰাফাৰৰ মুঠ পদঃ ৮,৩৩১টা। ইয়াৰ বাবে প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কমেও ৬ মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব বুলি ধাৰ্য্য কৰা হৈছে।ফিল্ড এচিচটেণ্ট, ফিল্ডমেন, পৰমেন, চেকশ্যন এচিচটেণ্ট, চইল কনজাৰভেশ্যন, ফিল্ড ৱৰ্কাৰ, জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰৰ মুঠ পদ ৩,৬৯০টা। ইয়াৰ বাবে প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব। মুখ্যমন্ত্ৰীয়ে এখন তামোল নোখোৱাকৈ নিযুক্তি দিম বুলি বুলি কোৱা কথাষাৰ উক্তি দি নেতাদুজনে পুনৰ কয়-  মুখ্যমন্ত্ৰীৰ কথাৰ বিপৰীতে গৈ এই নিযুক্তি কমিটীখনে প্ৰতিজন আবেদনকাৰীৰ পৰা এপোনকৈ তামোল খাবলৈ গৈ আছে। আনহাতে সদৌ অসম আইন ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ বৰাই চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে মাইক্ৰফাইনেন্সৰ ঋন মাফ কৰা,ছাত্ৰীক স্কুটি দিয়া,ছাত্ৰক বাইক দিব বুলি কব পৰা অৰুণোদয়কে আদি কৰি বিভিন্ন বিনামূলীয়া আঁচনিৰে চমক দিয়া চৰকাৰ খনে নিবনুৱা সকলৰ নিযুক্তি আৱেদন কিয় বিনামূলীয়া কৰিব নোৱাৰে বুলি প্ৰশ্ন কৰে। আনহাতে গ্ৰেড ৪, ৬ নং দফাত উল্লেখ থকা চৰ্তটো উল্লেখ কৰি ধৰ্মকান্ত গগৈয়ে কয় যে  নিযুক্তি কমিটীখনে ’কমিটীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত উক্তিৰে পৰিচালিত হৈছে।’এয়া কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।