অনুগল্প
বিক্ৰী যোৱা বিবেক
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
হৰিপ্ৰসাদ চহৰীয়া এজন চহৰৰ ডাঙৰ ব্যবসায়ী। তেওঁ ব্যৱসায়ৰ কামত এবাৰ গুজৰাটলৈ গ’ল ।তাত তেওঁ এজন অসমৰ যুবক লগ পালে। যুবক জনৰ নাম নিৰ্মল কুমাৰ ।সি কোম্পানীত এটাত কাম কৰে। সিদিনা কোম্পানীত মেচিন এটা বেয়া হৈছে।কাম বন্ধ হৈ আছে। নিৰ্মল ক’ত গ’ল বুলি কোম্পানীত হুলস্থূল লাগিল। শেষত নিৰ্মল আহিল আৰু মুহূৰ্ততে মেচিন ঠিক হ’ল।
হৰিপ্ৰসাদ চহৰীয়াৰ কোম্পানীৰ মেচিন এটা বিকল হৈ আছে।আৰু তাৰ বাবেই তেওঁ গুজৰাট আহিছে। তেওঁ গুজৰাটৰ কোম্পানীৰ মালিকক মেচিন ঠিক কৰা বাবে ইঞ্জিনিয়াৰ এজন পঠোৱাৰ কথা কলে। আৰু তেওঁ অসমলৈ ঘুৰি আহিল।
কিছুদিন পিছত এটি তিনিজনীয়া ইঞ্জিনিয়াৰৰ দল অসমলৈ আহিল।প্ৰায় এসপ্তাহ কাম কৰি তেওঁ লোকে মেচিন ঠিক কৰি এটা বৃহৎ অঙ্কৰ ধন লৈ গ’ল।
মাঘ বিহুলৈ প্ৰায় পোন্ধৰ দিন মান বাকি আছে। নিৰ্মল কুমাৰ অসমৰ গাঁওৰ ঘৰলৈ উভতি আহিল। চহৰীয়াৰ কোম্পানীত অহৰহ কাম চলি আছে ।কাৰন বিহুৰ আগত মাল ডেলিভাৰী কৰি শ্ৰমিকক বোনাচ দিব লাগিব।
কিন্তু সিদিনা হঠাৎ কোম্পানীৰ মেচিন আগৰ দৰে আকৌ বিকল হৈ পৰিল।
মেচিন বিকল হোৱাৰ খবৰ শুনি চহৰীয়াৰ মুৰ গৰম হৈ গ’ল। তেওঁ ততাতয়াকৈ আহি কোম্পানী পালে। সেই সময়ত নিৰ্মল কুমাৰো কোম্পানী চাবলৈ আহিছে। কিয়নো গুজুৰাটৰ কোম্পানীত চহৰীয়াৰ লগত চিনাকি হওতে চহৰীয়াই নিৰ্মলক কোম্পানী চাব অহাৰ কথা বাৰে বাৰে কৈছিল।
বিকল মেচিন দেখি চহৰীয়া বিমোৰত পৰিল। তেনেতে নিৰ্মলে চহৰীয়াক মাত দিলে দাদা ভালে আছেনে? অ’ নিৰ্মল আহা আহা চোৱাচোন সিদিনা ইমান টকাৰে মেচিন ঠিক কৰিলো আকৌ বিকল হৈ পৰিল। তেতিয়া নিৰ্মলে কলে বোলক চোন দাদা মেচিন কি বেয়া হৈছে এবাৰ চাই লওঁ।
বিকল মেচিনৰ ওচৰত আহি নিৰ্মলে এটা নাত অলপ ঘুৰাই দিলে মেচিন পুনৰ চালু হৈ গ’ল।। তেতিয়া চহৰীয়াই নিৰ্মলক কলে বাহিৰৰ মানুহ আহি আমাক থোগি লাখ লাখ টকা লুটি নিয়ে আৰু অসমৰ লৰাই কেইটামান টকাৰ বিনিময়ত নিজৰ বিবেক বিক্ৰী কৰে।
নিৰ্মল তুমি আৰু গুজৰাট যাব নোৱাৰা দক্ষতাৰ মুল্য মই তোমাক দিম।তুমি মোৰ কোম্পানীত কাম কৰিব লাগিব।। নিৰ্মল এতিয়া অসমত থাকি চহৰিয়াৰ কোম্পানীৰ মেনেজাৰ। চহৰীয়াৰ কোম্পানী এতিয়া ভাৰতৰ নম্বৰ ৱান কোম্পানী।
