তেজ ৰঙা কৃষ্ণচূড়া – বনজিত দাস

Pc The Daily Ittefaq

তেজ ৰঙা কৃষ্ণচূড়া 

বনজিত দাস, ৰিহাবাৰী, বজালী

তুমি চোন এদিন এৰি যাবগৈ
মোৰ চহৰত লগ পোৱা কৃষ্ণচূড়া
বুকুখন বৰ অন্ধকাৰ অৰণ্য
ফেৰেঙনিৰ ফাঁকেৰে নেখেলে ৰ’দালিৰ খেল
সুখৰ চৰাই বাহ নাবান্ধে তাত
এটা বিশাল হৃদখাল
পানী বহুত ঘোলা
পাৰত গজিল এপাহ কৰ্পছ ফ্লাৱাৰ
তুমি চোন জনাই কৃষ্ণচূড়া
কিমান আকুলতা বিষাদ হিয়া
আঁকি দিয়া চোন কৃষ্ণচূড়া
বুকুৰ কেন’ভাছত
ৰঙা ৰঙৰ সঁফুৰা
চাই লম এখন আকাশ
একেথৰে
য’ত সুখৰ চৰাই উৰে
তেজ ৰঙা কৃষ্ণচূড়া ।