শেষ ঠিকনা বৃদ্ধাশ্ৰম – পূৰৱী হাজৰিকা

Pc Senior Guidance

শেষ ঠিকনা বৃদ্ধাশ্ৰম

পূৰৱী হাজৰিকা
দুলীয়াজান,ডিব্ৰুগড়

হেজাৰটা হেঁপাহৰ বিষাদ অঘৰী হ’ল
কাৰ দায়িত্ববোধৰ আজি মই কৰিছো বহন
শিক্ষিত সমাজৰ নিমাত কোলাহল ।
সময়েও মানৱতাৰ ধৰ্মত আজি
বাৰে বাৰে কৰে উপহাস ,
মোৰ কোলা আজি নহয় যে উকা
কত দুখুনী মাতৃ- সৰ্বস্বান্ত পিতৃৰ
শান্তিৰ আচল মই ।
সিহঁত
বৰ বৰ দেৱাল চহৰৰ
সংকীৰ্ণ হৃদপিণ্ডৰ সন্তান,
হয়তু মাৰ গাখীৰৰ মূল্য সুজিব নোৱাৰা
অমানুহ ।
কৰ্তব্য পূজাৰে আবৃত্ত হৈ
গঢ়িছিল সন্তানৰ সুন্দৰ ভৱিষ্যত
লঘোনে থাকি সুখী হোৱা
এই পিতৃ-মাতৃ আজি এলাগী
যাৰ শেষ স্নেহময়ী ঠাই
কিয় বাৰু হয় বৃদ্ধাশ্ৰম ??
আহক বিপ্লৱ
জাগি উঠক শ্ৰৱণকুমাৰ
ইতি পৰক বৃদ্ধাশ্ৰম প্ৰথা ।