নাগালেণ্ডত ভয়ংকৰ আইইডি বিস্ফোৰণ

Pc India Today

নাগালেণ্ডত ভয়ংকৰ আইইডি বিস্ফোৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- সোমাবাৰে এক ভয়ংকৰ আইইডি বিস্ফোৰণত কঁপি উঠিল নাগালেণ্ডৰ ডিমাপুৰৰ চুমৌকেডিমা অঞ্চল ৷ নাগালেণ্ডৰ ছুমৌকেডিমা জিলাত সোমবাৰে সংঘটিত এটা বিস্ফোৰণৰ ঘটনাত আছাম ৰাইফলছৰ এজন জোৱান নিহত হোৱাৰ লগতে আন চাৰিজন আহত হয়। এই কথা প্ৰকাশ কৰিছে এগৰাকী প্ৰতিৰক্ষা বিষয়াই। সন্দেহজনক আইইডি বিস্ফোৰণৰ ফলত এই ঘটনাটো সংঘটিত হয় বুলি কোৱা হৈছে। প্ৰতিৰক্ষা জনসংযোগ বিষয়া কর্নেল অমিত শুক্লাই প্ৰকাশ কৰা মতে, এটা অভিযানলৈ গৈ থকা সময়ত আছাম ৰাইফলছৰ বাহনক লক্ষ্য কৰি এই বিস্ফোৰণ ঘটোৱা হৈছে বুলি জানিব পৰা গৈছে। নিৰাপত্তা বাহিনীয়ে এলেকাটোত অভিযান আৰম্ভ কৰিছে। আহত জোৱানকেইজনক চিকিৎসাৰ বাবে স্থানান্তৰিত কৰা হয়। তেওঁ কয় যে এই সন্দর্ভত অধিক তদন্ত চলি আছে। এই আক্ৰমণৰ ক্ষেত্ৰত কোন দায়ী তাক নিশ্চিত কৰি বা ভুক্তভোগীৰ পৰিচয় জনাই কর্তৃপক্ষই এতিয়ালৈ কোনো বিবৃতি প্রকাশ কৰা নাই। এসপ্তাহৰ ভিতৰত এইটো নাগালেণ্ডৰ চুমৌকেডিমাত দ্বিতীয়টো আইইডি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷ এই বিস্ফোৰণত এনএছচিএন(আইএম) জড়িত থকাৰ সন্দেহ কৰা হৈছে ৷