এনএইচপিচিয়ে ৮খন শুইচ গেটেৰে এৰিলে পানী
ৰঙিলী বাৰ্ত্তাসেৱা- অৰুণাচল প্ৰদেশত ধাৰাবাহিকভাৱে হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত সোৱণশিৰি নদীৰ জলপৃষ্ঠই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । পৰিস্থিতি চম্ভালিব নোৱাৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (NHPC)ৰ ৰিজাৰ্ভাৰত জমা হোৱা অতিৰিক্ত পানী মাজনিশাৰ পৰা হঠাতে এৰি দিছে। বিশাল জলভাগ ৮খন গেটেৰে এনএইচপিচিয়ে এৰি দিয়াৰ পিছতে নৈপৰীয়া নামনি অঞ্চল আৰু লখিমপুৰত হাহাকাৰৰ সৃষ্টি হৈছে। উল্লেখ্য যে ছাইৰেন বজাই এনএইচপিচি কর্তৃপক্ষই পানী এৰি দিয়াৰ সংকেত দিয়ে। প্রথমে দুখন শুইচ গেটেৰে পানী এৰি দিয়ে যদিও পিছত আন ছয়খন শুইচ গেটেৰেও এনএইচপিচিয়ে অবিৰাম পানী এৰে। আকস্মিকভাৱে পানী এৰি দিয়াৰ ফলত অতি কম সময়ৰ ভিতৰতে সোৱণশিৰি নৈ ভয়াৱহভাৱে ওফন্দি উঠিছে। জলবিদ্যুৎ প্রকল্পটোৰ আঠখন গ্লুইচ গেটেৰে এৰি দিয়া বিশাল পৰিমাণৰ পানীয়ে নামনি অঞ্চলত ভয়ানক বানৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে। উল্লেখ্য যে জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰত অতিৰিক্ত পানীৰ স্তৰ নিয়ন্ত্ৰণৰ উদ্দেশ্যে এইদৰে পানী গ্লুইচ গেটেৰে এৰি দিয়া হৈছে। কালি নিশাই লখিমপুৰ জিলা প্রশাসনে ছাইৰেন বজাই নৈৰ দাঁতি-কাষৰীয়া এলেকাত বসবাস কৰা লোকসকলক সতর্ক কৰি দিয়ে। প্রশাসনে মাছমৰীয়া, নাৱৰীয়া আৰু নৈত শিল-বালি তুলি জীৱিকা নিৰ্বাহ কৰা লোকসকলক বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনায়। সোৱণশিৰি নৈৰ সোঁত বৃদ্ধি পোৱাত কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত খহনীয়াই গছ-গছনি উটুৱাই নিয়ে। সোৱণশিৰি চাপৰিত থকা গৰু, ম’হ আৰু ছাগলী উটুৱাই নিয়াৰ খবৰ আহিছে। লখিমপুৰ জিলাৰ চাউলধোৱা সোৱণশিৰি ঢাপৰ সন্মুখৰ চাপৰিটোৰ বৃহৎ অংশ উটুৱাই নিয়ে। নামনি অংশৰ বহুতো অঞ্চল জলমগ্ন হৈ পৰিছে। লখিমপুৰৰ ইখনৰ পিছত সিখন গাঁও সোৱণশিৰিয়ে পানী এৰি দিয়াৰ পিছতে এতিয়া বানৰ কবলত পৰিছে। মহাইজানৰ ২০খনৰো অধিক গাঁও সোৱণশিৰিৰ বানত বুৰ গৈছে। প্রশাসনে নৈৰ পাৰৰ বাসিন্দাসকলক সতর্ক হৈ থাকিবলৈ আহ্বান জনাইছে। মহাইজান, ঘাগৰ, এলেভী, কলাখোৱা, পতিয়া, ফেচুচাপৰি, কুহিমাৰিকে ধৰি বহু গাঁও বানৰ কবলত পৰিছে। বিগত কিছুদিন পূর্বে অৰুণাচলৰ ‘নীপকো’ প্ৰকল্পৰ পানীয়ে যি সংহাৰী ৰূপ ধাৰণ কৰিছিল, তেনে এক ভয়াৱহ পৰিস্থিতি নামনি সোৱণশিৰি প্ৰকল্পৰ পৰাও সৃষ্টি হ’ব পাৰে বুলি এতিয়া আশংকাত দিন কটাইছে নৈপৰীয়া ৰাইজে। লাখ লাখ কাঠ আৰু প্লাষ্টিকে বান্ধৰ পানী এৰা পথত সৃষ্টি কৰিব পৰা বাধাৰ বাবে যদি হঠাতে কোনো যান্ত্রিক বিজুতি ঘটে, তেন্তে নামনি অসমত এক প্রলয়ংকাৰী ধ্বংসলীলা হোৱাটো নিশ্চিত। অৰুণাচল প্ৰদেশৰ বিভিন্ন প্রান্তত নৈসমূহৰ বুকুত জধে-মধে যিমানবোৰ বৃহৎ বান্ধনিৰ্মাণ কৰা হৈছে, সেইসমূহে যে নামনি অসমৰ বাবে একো একোটা সজীৱ ‘জলবোমা’ তৈয়াৰ কৰিছে, সেয়া এতিয়া সোৱণশিৰিৰ এই ভয়ংকৰ ৰূপ দেখি পুনৰ প্ৰমাণিত হৈছে। স্থানীয় ৰাইজে এতিয়া ক্ষোভেৰে কয় যে এই বান্ধে যিকোনো মুহূর্ততে নামনিৰ লাখ লাখ মানুহৰ জীৱন আৰু সম্পত্তি উটুৱাই লৈ যাব পাৰে। ইফালে, এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ পানী এৰি দিয়াৰ ফলত লখিমপুৰত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। পুৱাৰ পৰা বৃহৎ পৰিমাণে প্রকল্পটোৰ পানী মোকলাই দিয়াৰ ফলত লখিমপুৰত বানৰ সংকট নামি আহে। ফলত বহু গাঁও, শস্যক্ষেত্র, বাট-পথ বানত ডুব যায়। চৌদিশে কেৱল বানৰ তাণ্ডৱ। উল্লেখ্য যে পুৱা হঠাৎ অহা বানে বিস্তৰ ক্ষতি কৰে। পথাৰলৈ হাল নিয়া কৃষকে হঠাৎ অহা বানৰ বাবে হাল এৰি ঢপলিয়াই আহিবলগীয়া হয়। বহু অঞ্চলৰ মাজত যাতায়াত বিচ্ছিন্ন হৈ পৰে। লখিমপুৰ নগৰ এলেকাৰ সমীপৰ মহাইজানৰ বিস্তীর্ণ অঞ্চল এই বানে বুৰাই পেলায়। বানত জলমগ্ন হৈছে মহাইজান অঞ্চলৰ বহুকেইখন গাঁও। বুৰ গৈছে অঞ্চলটোৰ মহাইজান, ঘাগৰ, এলেঙী, কলাখোৱা, পতিয়া, ফেচুচাপৰি, কুহিমাৰি, বালিচাপৰি, ২নং কুহিমাৰি, বালিভেটা আদিকে কৰি বিভিন্ন গাঁও। তেনেদৰে বানৰ কবলত পৰিছে ঘুণাসুঁতিৰ মিচিং উৰিয়ামতলা, বালিভেতা, মাধৱপুৰ গাঁও। সোৱণশিৰি পৰীয়া অঞ্চলসমূহ এতিয়া বানৰ কবলত। উল্লেখ্য যে এন এইচ পি চিয়ে প্ৰকল্পৰ পানী এৰা বুলি আজি পুৱা লখিমপুৰ জিলা প্ৰশাসনক বার্তা দিয়ে। কিন্তু এই বাৰ্তা পোৱাৰ আগতেই জিলাখনৰ নৈ পৰীয়া বিভিন্ন অঞ্চল বানত বুৰ যায়। শস্যক্ষেত্ৰৰ উপৰি ঘৰ-বাৰী, পদূলি বানত ডুব যায়। বহুপৰিয়ালৰ সা-সম্পত্তি, পোহনীয়া জীৱ-জন্তুৰো ক্ষতি হয় এই বানত। ইপিনে নীপকোৱে প্ৰকল্পৰ পানী এৰি নিদিলেও অত্যধিক বৰষুণৰ ফলত ৰঙানদীয়েও প্রবল বান পৰিস্থিতি সৃষ্টি কৰে। ৰঙানৈপৰীয়া পাঁচনৈকে ধৰি নৈপৰীয়া বিভিন্ন অঞ্চলৰ ঘৰ-বাৰী বানত ডুব গৈছে। লখিমপুৰত এতিয়া সোৱণশিৰি পৰীয়া বা ৰঙানৈপৰীয়া বিভিন্ন অঞ্চলত কেৱল বানৰ তাণ্ডৱ। যাৰ বাবে ৰাইজ আতংকিত হৈ ক্ষণ গণিবলগীয়া হৈছে।
