ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিক মনোহাৰী গ’ল্ড টী উপহাৰ হিচাপে প্রদান প্রধানমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ চাহ বুলিলে সমগ্ৰ বিশ্বতে বিখ্যাত ৷ অসমৰ চাহক বিশ্বৰ বুকুত পুনৰ এবাৰ তুলি ধৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ যোৱা ৬ জুলাইৰ পৰা ৪ জুলাইলৈ ইণ্ডোনেচিয়া ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে ৷ এই ভ্ৰমণৰ সময়ত তেওঁ ইণ্ডোনেচিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়ানটোক সাক্ষাৎ কৰাৰ লগতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় ৷ ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ছোৱাত দেশখনৰ ৰাষ্ট্ৰপতি প্রব’ৱো ছুবিয়ান্টোক ভাৰতৰ ৰাষ্ট্ৰীয় উপহাৰ হিচাপে প্রধানমন্ত্রী মোদীয়ে প্ৰদান কৰে অসমৰ দুর্লভ তথা বিশেষ মানদণ্ডৰ চাহ মনোহাৰী গ’ল্ড টী। এই ভ্রমণকালত তেওঁ ইণ্ডোনেছিয়াৰ সৈতে কেৱল দ্বিপাক্ষিক কূটনৈতিক সম্পর্ক মজবুত কৰাই নহয়, ভাৰতৰ হাজাৰ হাজাৰ বছৰীয়া সাংস্কৃতিক ঐতিহ্যকো তুলি ধৰিছিল। প্রধানমন্ত্রী মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি ছুবিয়ান্টোক ৰাষ্ট্ৰীয় উপহাৰ হিচাপে প্রদান কৰা সামগ্ৰীসমূহৰ ভিতৰত অন্যতম আছিল অসমৰ মনোহাৰী গ’ল্ড টী। এটা বেঁতৰ খৰাহীত চাহপাতৰ এটা বৈয়াম, গামোচাৰ চানেকিযুক্ত এখন বস্ত্ৰ আৰু অসমৰ অনন্য চিনাকী এটি জাপিৰে সজাই তোলা হৈছিল উপহাৰৰ টোপোলাটো ৷ ডিব্ৰুগড় জিলাৰ মনোহাৰী চাহ বাগিচাত উৎপাদিত এই বিশেষ চাহৰ সমাদৰৰ বিষয়ে উল্লেখ নিষ্প্রয়োজন। প্রিমিয়াম ব্ৰেণ্ডৰ এই চাহবিধ ভাৰতৰ কাৰুশৈলী আৰু সাংস্কৃতিক পৰিচয়ৰ অন্যতম প্রতীক হিচাপে চিহ্নিত হৈ আহিছে। লক্ষণীয়ভাৱে চাহ গছৰ কেৱল কুমলীয়া সোণালী কলিৰে মনোহাৰী গ’ল্ড টী প্ৰস্তুত কৰা হয়। এই কুমলীয়া সোণালী কলি পুৱাতে অতি সতর্কতাৰে ছিঙাৰ পিছত পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰি চাহ প্ৰস্তুত কৰা হয়, যাতে ইয়াৰ অনন্য সোৱাদ আৰু সুবাস অটুট থাকে। ইতিপূর্বে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অভিলেখ দৰত বিক্ৰী হোৱাৰ পাছত মনোহাৰী গ’ল্ড টীয়ে আন্তর্জাতিক স্বীকৃতি লাভ কৰিছে।

প্রধানমন্ত্রী মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি ছুবিয়ান্টোক মনোহাৰী গ’ল্ড টীৰ উপৰি উত্তৰাখণ্ডৰ ঐতিহ্যবাহী আইপান শৈলী থকা ভগৱান শিৱৰ এটি শিল্পকর্মও উপহাৰ হিচাপে আগবঢ়ায়। আইপান হ’ল উত্তৰাখণ্ডৰ কুমায়ুন অঞ্চলৰ এটি পৰম্পৰাগত লোকশিল্প। তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে কাশ্মীৰৰ পেপিয়েৰ-মেচে শিল্পৰ এটা বাটি আৰু ৰেপুছ কৌশলেৰে তৈয়াৰ কৰা এখন ঐতিহ্যপূৰ্ণ ৰূপৰ আলংকাৰিক থালো উপহাৰ দিছে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি ছুবিয়ান্টোক। ইফালে, অসমৰ বিখ্যাত মনোহাৰী গ’ল্ড টী ইণ্ডোনেছিয়া ভ্রমণকালত দেশখনৰ ৰাষ্ট্ৰপতি ছুবিয়ান্টোক উপহাৰ হিচাপে আগবঢ়োৱাৰ বাবে প্রধানমন্ত্রী মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সামাজিক মাধ্যমযোগে তেওঁ কয় যে আপোনালোকৰ হয়তো মনত আছে- কিছু মাহ পূর্বে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমৰ সেই চাহ বাগিচাখনত নিশা অতিবাহিত কৰিছিল, য’ত উৎপাদন হয় বিশ্ববিখ্যাত মনোহাৰী গ’ল্ড টী। সেই সময়ত তেওঁ আমাৰ চাহ শ্ৰমিকসকলৰ সৈতে আন্তৰিক মত বিনিময়ো কৰিছিল। সেই একেই মনোহাৰী গ’ল্ড টী ভাৰতৰ ৰাষ্ট্ৰীয় উপহাৰ হিচাপে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিক প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে পুনৰ এবাৰ বিশ্ব দৰবাৰত অসমৰ চাহৰ ঐতিহ্য আৰু গৌৰৱক উজলাই তুলিলে। চাহৰ অতি কোমল কুঁহিপাতৰ পৰা সীমিত পৰিমাণে প্ৰস্তুত কৰা মনোহাৰী গ’ল্ড টী ইয়াৰ অনন্য সোৱাদ আৰু উৎকৃষ্টমানৰ বাবে বিশ্বজুৰি বিশেষভাৱে সমাদৃত। এই চাহ অসমৰ চাহ উদ্যোগৰ গৌৰৱ হিচাপে সমাদৃত হোৱাৰ সমান্তৰালকৈ অসমৰ চাহ শ্ৰমিকসকলৰ নিষ্ঠা, পৰিশ্ৰম আৰু দক্ষতাৰো এক উজ্জ্বল প্রতীক। অসমৰ বাবে ই এক গৌৰৱৰ মুহূৰ্ত। অসমৰ এই গৌৰৱক বিশ্ব দৰবাৰত প্ৰতিধ্বনিত কৰাৰ কাৰণে ৰাজ্যবাসীৰ হৈ প্রধানমন্ত্রীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
