বাস্তৱৰ সোৱাদ – শচীন্দ্ৰ কুমাৰ দাস

Pc IndiaMART

অনুগল্প

বাস্তৱৰ সোৱাদ

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী 

“আজি কিন্তু এটা ডাঙৰ মাছ ধৰি আনিবা দেই! বাৰীৰ ঔ টেঙাটো পকি সৰিছে। বহুত দিন মাছৰ মুৰীয়া সোৱাদ পোৱা নাই।”— পদূলিৰ মুখৰ পৰাই ঘৈণীয়েকে হেঁপাহেৰে কথাষাৰ কৈ পঠিয়াইছিল। শনিৰামেও মূৰ জোকাৰি বিলৰ পিনে খোজ লৈছিল।

দুপৰীয়া শনিৰামৰ ভাগ্যখন সঁচাকৈয়ে জিলিকি উঠিল। বিলৰ বুকুত জালখন পেলাই টান মাৰোঁতেই তাৰ বুকুখন ধপধপাই উঠিল। ৰূপালী বাকলিৰে তিৰবিৰাই থকা এটা প্ৰকাণ্ড চিতল মাছ— কমকৈও পাঁচ কেজিমান হ’ব! মাছটো দুহাতেৰে সাৱটি ধৰি শনিৰামৰ মনটো আনন্দত নাচি উঠিল। সি ভাবিলে— আজি ঘৰ গৈ পালে ঘৈণীয়েকে তাক বৰ মৰম কৰিব, আনন্দতে আত্মহাৰা হৈ পৰিব।

উলাহেৰে ঘৰৰ চোতালত ভৰি দিয়েই সি চিঞৰিলে, “হেৰা, চোৱাহিচোন! তোমাৰ হেঁপাহৰ মাছ আনিছোঁ।”

ঘৈণীয়েক লৰি ওলাই আহিল। মাছটো দেখি ক্ষন্তেকৰ বাবে তাইৰ চকুহাল জিলিকি উঠিল যদিও পিছমুহূৰ্ততে এক গভীৰ বিষাদে তাইৰ মুখখন ক’লা পেলাই দিলে। তাই চাদৰৰ আঁচলটো মোহাৰি লাহেকৈ ক’লে, “মাছটো বৰ ডাঙৰ হে… কিন্তু ঘৰত যে চাউল এজাঁজিও নাই। তেল, আলু, পিয়াজ— সকলো উদং। খালী ঔ টেঙাটোৰে মই ইমান ডাঙৰ মাছটো কেনেকৈ ৰান্ধো?”

মুহূৰ্ততে শনিৰামৰ উলাহৰ আকাশখনত দৰিদ্ৰতাৰ ক’লা মেঘে ছানি ধৰিলে। সি বুজি পালে, অভাৱৰ সংসাৰত হেঁপাহৰ কোনো মূল্য নাই।

একো নোকোৱাকৈ সি মাছটো পুনৰ কান্ধত তুলি বজাৰলৈ খোজ ল’লে। চকুৰ আগতে সি প্ৰাণাধিক মৰমেৰে ধৰি অনা চিতল মাছটো গ্ৰাহকৰ হাতত তুলি দিলে। তাৰ বিনিময়ত পোৱা পইচাকেইতাৰে সি মোনাখন চাউল, দালি, তেল আৰু আলুৰে ভৰাই ল’লে।

ৰাতি দুয়ো ভাতৰ কাঁহীখন লৈ বহিল। কাঁহীত একণমান চাউলৰ ভাত আৰু কিনি অনা দালিৰ সৈতে বাৰীৰ ঔ টেঙাৰ আঞ্জা। মাছৰ টুকুৰা এটাৰ সলনি কেৱল ঔ টেঙাৰ চকলটোহে জিলিকি আছিল।

শনিৰামে মনৰ দুখতে হুকহুকাই কান্দি পেলালে। ঘৈণীয়েকে তাৰ হাতখনত ধৰি মৰমেৰে ক’লে, “কান্দিছা কেলেই? মাছ নাপালোঁ নাই, অন্ততঃ আজি আমাৰ পাকঘৰৰ জুহালখন জ্বলিল। তোমাৰ কাৰণেই আজি দুয়ো পেট ভৰাই ভাত কেইটা খাব পাৰিলোঁ। ইয়াতকৈ ডাঙৰ সুখ আমাক নো কি লাগে?”

দালিত সনা ঔ টেঙাৰ টেঙা সোৱাদখিনিয়ে শনিৰামৰ মুখখন কোঁচ খুৱাই আনিলে যদিও সি অনুভৱ কৰিলে— ভোকাতুৰ পেটৰ বাবে চিতল মাছৰ সোৱাদতকৈ, এই এমুঠি ভাতৰ বাস্তৱ সোৱাদ বহুত বেছি আপুৰুগীয়া আছিল।