বান সাহায্য পাবলৈও দিব লাগে ধন

Pc The Janambhumi

বান সাহায্য পাবলৈও দিব লাগে ধন

ৰঙিলী বাৰ্ত্তাসেৱা-  বান সাহায্যৰ নামতো দুৰ্নীতি ৰাজ্যত।বন্যাৰ্তলৈ দিয়া সাহায্যৰ নামত লুণ্ঠন।বান সাহায্য পাবলৈও দিব লাগে ধন।৩০ টকা দিয়ক আৰু বান সাহায্য লওক।মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো কামপুৰত ঘটিছে এই ঘটনা।ভুক্তভোগী ৰাইজে সংবাদ মাধ্যমৰ ওচৰত সদৰি কৰিছে এই কথা।কামপুৰৰ বাহাকাৰীত ৩০ টকাৰ বিনিময়ত বানাক্ৰান্তক যোগান ধৰিছে বান সাহায্য।উল্লেখযোগ্য যে,গাওবুঢ়াই বানসাহায্যৰ নামত সংগ্ৰহ কৰিছে ধন।কিন্তু ৰাইজৰ অভিযোগৰ পাছতো কোনো খবৰ নাই ৰহাৰ বিধায়ক শশীকান্ত দাসৰ।সেইবাবে এতিয়া সাধাৰণ ৰাইজে প্ৰশ্ন কৰিছে যে,মুখ্যমন্ত্ৰী গ’লেহে অথবা নিৰ্দেশ দিলেহে তৎপৰ হৈ পৰে নেকি প্ৰশাসন?ইফালে এই অভিযোগৰ পাছতেই নগাঁও জিলা উপায়ুক্তই চক্র বিষয়ালৈ প্ৰেৰণ কৰিলে কঠোৰ নিৰ্দেশ।বানসাহায্যৰ নামত বন্যাতৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব টকা।