বানপীড়িতলৈ ভাৰতীয় ৰেডক্ৰছ চ’ছাইটি ডিব্ৰুগড় জিলা শাখাৰ আৰ্থিক সাহায্য

Pc Dialogus

বানপীড়িতলৈ ভাৰতীয় ৰেডক্ৰছ চ’ছাইটি ডিব্ৰুগড় জিলা শাখাৰ আৰ্থিক সাহায্য

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় ৰেডক্ৰছ চ’ছাইটিৰ মানৱীয় আদৰ্শ আৰু সেৱাৰ চেতনাৰে অনুপ্ৰাণিত হৈ ভাৰতীয় ৰেডক্ৰছ চ’ছাইটিৰ ডিব্ৰুগড় জিলা শাখাই চৰাইদেউ জিলা আৰু উজনি অসমৰ সংলগ্ন অঞ্চলসমূহত সংঘটিত প্ৰলয়ংকাৰী বানপৰিস্থিতিত ক্ষতিগ্ৰস্তলোকৰ সহায়ৰ উদ্দেশ্যে  জৰুৰীকালীন এক মানৱীয় পদক্ষেপ গ্ৰহণ কৰে। জিলা শাখাৰ সদস্যসকলৰ স্বতঃস্ফূৰ্ত সঁহাৰি আৰু উদাৰ সহযোগিতাৰ ফলত অতি কম সময়ৰ ভিতৰতে  কিছু অৰ্থ সংগ্ৰহ কৰি  এই সাহায্য ৰাশি ইতিমধ্যে বানপীড়িতলোকৰ কল্যাণৰ বাবে চৰাইদেউ জিলাৰ ৰেডক্ৰছ  চ’ছাটিইটিৰ সম্পাদকৰ লগত আলোচনাৰ মৰ্মে তেওঁলোকৰ চ’ছাইটিৰ বেঙ্ক একাউণ্টলৈ এই সাহায্য প্ৰেৰণ কৰা হৈছে আৰু তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ’ল। এই সন্দৰ্ভত জিলা শাখাৰ সভাপতি ড০ পংকজ কুমাৰ শ্ৰুতিকৰে কয় যে, “সাহায্যৰ পৰিমাণ হয়তো বৃহৎ নহ’ব পাৰে, কিন্তু ইয়াৰ মাজত নিহিত হৈ আছে আমাৰ সদস্যসকলৰ গভীৰ মানৱীয় দায়বদ্ধতা, সহমৰ্মিতা আৰু দুৰ্যোগৰ সময়ত অসহায়লোকৰ কাষত থিয় দিয়াৰ আন্তৰিক দায়বদ্ধতা। আমি বিশ্বাস কৰোঁ, এনে এক দূৰ্যোগৰ সময়ত এই অৱদানে ও বানপীড়িত পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ লগতে নতুন সাহস আৰু আশাৰ সঞ্চাৰ কৰিব।তেওঁ লগতে কয় যে, ভৱিষ্যতেও যিকোনো প্ৰাকৃতিক দুৰ্যোগ বা মানৱীয় সংকটৰ সময়ত ভাৰতীয় ৰেডক্ৰছ চ’ছাইটি, ডিব্ৰুগড় জিলা শাখাই সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ ।এই মানৱীয় কাৰ্যসূচীত আন্তৰিকতাৰে আৰ্থিক অৱদান আগবঢ়োৱা জিলা শাখাৰ সকলো সদস্য তথা উপ -পৃষ্ঠপোষক সকললৈ চ’ছাইটিৰ সভাপতিয়ে  গভীৰ কৃতজ্ঞতা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।