বহাগ বিহু আৰু গ্ৰাম্য জীৱনৰ পটভূমি – ভাস্কৰ প্ৰিয়ম হাজৰিকা

facebook

বহাগ বিহু আৰু গ্ৰাম্য জীৱনৰ পটভূমি

ভাস্কৰ প্ৰিয়ম হাজৰিকা
 কৰচুং সত্ৰ,নগাঁও, অসম

বৰ অসমৰ জনগোষ্ঠীয় সংস্কৃতিৰ সংমিশ্ৰণৰ ঐতিহ্যময় বর্ণিল ইতিহাসত অসমৰ জাতীয় জীৱনৰ আয়ুস-ৰেখা বিহুৰে স্বকীয় বৈচিত্র্যৰে মহীয়ান হৈ বৰ অসমৰ সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিছে। অসমীয়া জাতিৰ গঠন প্রক্রিয়া সুদৃঢ় কৰাৰ ক্ষেত্ৰত বিহুৰে যি ভূমিকা পালন কৰিব পাৰে, অসমীয়া সংস্কৃতিৰ অনান্য উপাদানসমূহক এই ক্ষেত্ৰত একে শাৰীতে ৰাখিব নোৱাৰি। জাতি, ধর্ম, বর্ণ নির্বিশেষে সকলোৰে ওপৰত বিহুৰ প্ৰভাৱ অপৰিসীম। সেয়েহে বিহুক অসমীয়া জাতিৰ “আয়ুস-ৰেখা আৰু জন-জীৱনৰ সাহ” বুলি কোৱা হয়।

সংস্কৃতি সমাজৰ দাপোণ। কোনো এটা জনগোষ্ঠী, জাতি বা সম্প্ৰদায়ৰ সামাজিক আচৰণৰ বহিঃপ্রকাশেই হ’ল সংস্কৃতি। সংস্কৃতিৰ বিভিন্ন দিশৰ ভিতৰত সামাজিক লোকাচাৰৰ ভূমিকা অতি তাৎপর্যপূর্ণ। জনগোষ্ঠী একোটাৰ জনসাধাৰণৰ মাজত প্ৰচলিত বিশিষ্ট তথা স্বকীয় অচাৰণ আৰু আচাৰ-পদ্ধতিসমূহক লোকাচাৰ (Custom) বুলি কোৱা হয়। জনগোষ্ঠী একোটাৰ জনসাধাৰণৰ আদৰ্শগত আৰু ধৰ্মীয় দিশৰ পৰিচয় প্রদানত সামাজিক লোকাচাৰসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। পৰিয়াল তথা সামাজিক জীৱনৰ বিবিধ উৎসৱ-অনুষ্ঠান, ধর্মীয় আচৰণ, বিশ্বাস-অবিশ্বাস, অৱসৰ বিনোদন, খেল-ধেমালি, খাদ্যাভ্যাস ৰন্ধন আদিৰ বিভিন্ন লোকাচাৰ থাকে।
লোকবিশ্বাস (folk belief) হ’ল পৰম্পৰাগত বিশ্বাস। জীৱন নিৰ্বাহৰ প্ৰণালী, জাগতিক ৰহস্য, প্ৰকৃতিৰ বিভিন্ন উপাদান, ধর্মীয় ৰীতি-নীতি, আচাৰ-অনুষ্ঠান, ক্রিয়া-কাণ্ড আদি বিভিন্ন বিষয়ক পৰম্পৰাগত বিশ্বাস। লোকাচাৰৰ লগত লোকবিশ্বাস বিশেষভাৱে জড়িত। আনকথাত অধিকাংশ পৰম্পৰাগত লোকাচাৰৰ লগত এক বা একাধিক লোকবিশ্বাস সাঙোৰ খাই থাকে, আৰু জনগোষ্ঠী একোটাই কিছুমান নির্দিষ্ট লোকবিশ্বাস যুগ যুগ ধৰি বহন কৰি আহে। সেয়ে জনগোষ্ঠী একোটাৰ সংস্কৃতি লোকবিশ্বাসৰ চহকী ভঁৰালস্বৰূপ।

অসমীয়া সংস্কৃতিৰ প্ৰাণস্পন্দন হ’ল বিহু। বছৰটোত পালন কৰা তিনিটা বিহুৰ ভিতৰত বহাগ বিহু বা ৰঙালী বিহুৱেই হ’ল সৰ্বশ্ৰেষ্ঠ। বসন্তৰ আগমনত প্ৰকৃতিয়ে যেতিয়া নতুন ৰূপ ধাৰণ কৰে, তেতিয়াই অসমৰ জনজীৱন বিহুৰ আনন্দত আত্মহাৰা হৈ পৰে। বিশেষকৈ অসমৰ গ্ৰাম্য জীৱনৰ সৈতে এই বিহুৰ সম্পৰ্ক অতি নিবিড় আৰু চহা জীৱনৰ প্ৰতিটো দিশ ইয়াৰ সৈতে জড়িত হৈ আছে।

কৃষি আৰু আৰ্থ-সামাজিক পটভূমি:
অসমৰ গ্ৰাম্য সমাজ মূলতঃ কৃষিভিত্তিক। বহাগ বিহুৰ মূল পটভূমি হ’ল খেতি-বাতিৰ প্ৰস্তুতি। চতৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হোৱা এই বিহুৱে কৃষকসকলক আগন্তুক শালি খেতিৰ বাবে প্ৰস্তুত হ’বলৈ উৎসাহ দিয়ে। গ্ৰাম্য সমাজত গৰু অবিহনে কৃষি কাৰ্য অসম্ভৱ, সেয়েহে বিহুৰ প্ৰথম দিনটো ‘গৰু বিহু’ হিচাপে পালন কৰি কৃষিৰ অন্যতম সহায়ক শক্তি গৰুৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়। নদী বা বিলত গৰু ধুৱাই লাও-বেঙেনা খুৱাই কৃষকসকলে বছৰটোৰ বাবে পশুধনৰ কুশল কামনা কৰে।
প্ৰকৃতিৰ পৰিৱৰ্তন আৰু গ্ৰাম্য পৰিৱেশ: গ্ৰাম্য জীৱনত বহাগ বিহুৰ আগজাননী দিয়ে প্ৰকৃতিয়ে। গছত নতুন পাত ওলায়, নাহৰ ফুলৰ সুবাসে চৌপাশ আমোলমোলাই তোলে আৰু কুলিৰ মাতে ডেকা-গাভৰুৰ মনত বিহুৰ মাদকতা জগায়। গাঁৱৰ পথাৰবোৰত নতুন ঘাঁহ গজি উঠে আৰু বসন্তৰ বৰষুণে ধৰিত্ৰীক শস্য-শ্যামলা কৰিবলৈ সাজু কৰি তোলে। এই প্ৰাকৃতিক পৰিৱৰ্তনেই চহা মানুহৰ মনলৈ কঢ়িয়াই আনে সৃষ্টিৰ নতুন প্ৰেৰণা।

সংস্কৃতি আৰু সামাজিক একতা: বহাগ বিহুৱে গ্ৰাম্য সমাজত সম্প্ৰীতি আৰু একতাৰ এনাজৰী ডাল সুদৃঢ় কৰে। গাঁৱৰ ডেকা-বুঢ়া মিলি ঘৰে ঘৰে ‘হুঁচৰি’ গাই আশীৰ্বাদ দিয়া পৰম্পৰাই সৰু-বৰৰ ভেদাভেদ দূৰ কৰে। হুঁচৰিৰ জৰিয়তে সমাজৰ মংগল কামনা কৰা হয়। আনহাতে, গাঁৱৰ জীয়ৰী-বোৱাৰীসকলে বিহুৰ আগে আগে তাঁতশালত বহি চেনেহৰ ‘বিহুৱান’ প্ৰস্তুত কৰে। এই বিহুৱান কেৱল এখন বস্ত্ৰই নহয়, ই হ’ল অসমীয়াৰ আন্তৰিকতা আৰু সন্মানৰ প্ৰতীক।

খাদ্য আৰু আনন্দ-উৎসৱ: গ্ৰাম্য জীৱনত বিহুৰ অন্যতম আকৰ্ষণ হ’ল পিঠা-পনা আৰু জলপান। বিহুৰ কেইবাদিনো আগৰে পৰা গাঁৱৰ ঘৰে ঘৰে ঢেঁকীৰ শব্দ শুনা যায়। সান্দহ, চিৰা, মুড়ী আৰু বিভিন্ন প্ৰকাৰৰ পিঠাৰ সুবাসে গাঁৱৰ আকাশ-বতাহ মলমলাই তোলে। বিহুৰ দিনকেইটাত আলহী-অতিথিক আপ্যায়ন কৰা আৰু একেলগে বহি জলপান খোৱাটো গ্ৰাম্য সমাজৰ এক সুন্দৰ ৰীতি।

সাম্প্ৰতিক সময়ত নগৰীয়া যান্ত্ৰিকতাৰ মাজত বিহুৰ স্বৰূপ কিছু সলনি হ’লেও, গ্ৰাম্য সমাজত ইয়াৰ মৌলিকতা আজিও অটুট আছে। পথাৰৰ মাটিৰ গোন্ধ, কুলিৰ মাত আৰু ঢোল-পেঁপাৰ শব্দৰ মাজতেই প্ৰকৃত ৰঙালী বিহুটি জীয়াই থাকে। চহা অসমীয়াৰ সৰলতা, শ্ৰম আৰু সংস্কৃতিৰ মিলনভূমি হ’ল এই বহাগ বিহু। ই আমাৰ জাতীয় জীৱনৰ স্বাভিমান আৰু ঐতিহ্যৰ বাহক।