নেপালৰ নৱনিৰ্বাচিত গৃহমন্ত্ৰীৰ পদত্যাগ 

নেপালৰ নৱনিৰ্বাচিত গৃহমন্ত্ৰীৰ পদত্যাগ 

ৰঙিলী বাৰ্ত্তাসেৱা-  শপত গ্ৰহণৰ মাত্ৰ ২৬ দিন পিছতে পদত্যাগ কৰিছে নেপালৰ গৃহমন্ত্রী সুধান গুৰুঙে । বুধবাৰে তেওঁ নিজৰ আৰ্থিক সম্পত্তি সন্দর্ভত উত্থাপিত উদ্বেগৰ নিৰপেক্ষ তদন্তৰ কথা উল্লেখ কৰি পদত্যাগ কৰাৰ সিদ্ধান্ত লয়।ছুডান গুৰুঙে ফেচবুকত লিখিছে – ‘‘মোৰ সৈতে জড়িত গোচৰৰ নিৰপেক্ষ তদন্ত সুনিশ্চিত কৰা আৰু পদত থাকিও যিকোনো প্ৰকাৰৰ হিতৰ সংঘাত বা প্ৰক্ৰিয়াটোত কোনো প্ৰভাৱ নপৰিবৰ বাবে মই আজিৰে পৰা গৃহমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছো।’ছুডান গুৰুং ব্যৱসায়ী দীপক ভট্টাৰ সৈতে সু-সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন হৈছিল। এই বিতৰ্কৰ মাজতে ছুডান গুৰুঙে পদত্যাগ কৰে। এই হঠাৎ পদত্যাগে নেপালৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।