বিশিষ্ট সাংবাদিক নিত্য বৰাৰ দেহাৱসান

বিশিষ্ট সাংবাদিক নিত্য বৰাৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে যোৰহাটৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে অসমীয়া প্রতিদিন কাকতৰ প্ৰাক্তন সম্পাদক তথা বিশিষ্ট সাংবাদিক, নিবন্ধকাৰ নিত্য বৰাই।দিনৰ প্ৰায় ২.৩০বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। দীৰ্ঘদিনে অসুস্থ হৈ আছিল বিশিষ্ট সাংবাদিক নিত্য বৰা।১৯৪৪ চনৰ ১ ছেপ্টেম্বৰত জন্ম হৈছিল সাংবাদিকগৰাকীৰ। বহুকেইখন গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছিল প্ৰবীণ সাংবাদিকগৰাকীয়ে।  ২০১৮ চনত অসম সাহিত্য সভাই ‘লক্ষ্মীনাথ ফুকন সাংবাদিকতা বঁটা’ৰে সন্মানিত কৰিছিল নিত্য বৰাক। অসমীয় সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰত তেওঁৰ বিশেষ অৱদান স্মৰণীয় হৈ থাকিব বুলি বিভিন্ন মহলে প্রকাশ কৰিছে। উল্লেখ্য যে বিশিষ্ট লেখক-সাংবাদিকগৰাকীৰ শেষকৃত্য গুৱাহাটী মহানগৰীত সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ ফালৰ পৰা জানিব পৰা গৈছে।