বসন্তৰ পৰশ  –  ৰীমা গায়ন বৰা

PC Treehugger
বসন্তৰ পৰশ 
       ৰীমা গায়ন বৰা 
ৰিমঝিম ৰিমঝিম এজাক বৰষুণ
ডাৱৰৰ ওৰণি টানি নামিছে ধৰাত ,
নৱ পল্লৱৰ পাতনিৰে
অসমীয়া নৱবৰ্ষ ব’হাগ  !
ডেউকা দুখন মেলি ঘৰমূৱা পখীৰ জাক
কলৰৱত মুখৰিত বসন্তৰ গান ।
ন কুঁহিপাত ওলায় প্ৰকৃতি শুৱনি
চিৰসেউজ ধৰণী ধুনীয়া হৈ
ফলে -ফুলে জাতিষ্কাৰ
ন আভৰণ পিন্ধি আই ধৰিত্ৰী
সাজনে -কাচনে ৰূপৱতী
নাহৰ, তগৰ , কৈতেকী,কপৌ
 নানান সুগন্ধি ফুলৰ সমাহাৰ
কুলি, কেতেকীৰ হিয়া ভঙা বিননিত
বসন্তৰ আগমনত প্ৰেমৰ সঙ্গীত ,
সুৰ এটি ভাঁহি আহে দূৰণিৰ পৰা
বসন্তৰ ব’হাগী আহিল ধৰাত
বাজি উঠিছে সুললিত কণ্ঠত
এফাঁকি বিহু গীতৰ কলি
আওৰাইছে ভিন্ন ভাষাৰ
হৃদয়স্পৰ্শী সঙ্গীতৰ তান ।