বলীউড অভিনেতা আমিৰ খান আৰু কিৰণ ৰাওৰ বিবাহ বিচ্ছেদৰ সিদ্ধান্ত

বলীউড অভিনেতা আমিৰ খান আৰু কিৰণ ৰাওৰ বিবাহ বিচ্ছেদৰ সিদ্ধান্ত

অনলাইন বাৰ্তাসেৱা – আমিৰ খানে বিবাহৰ প্ৰায় ১৫ বছৰৰ পিছত তেওঁৰ পত্নী কিৰণ ৰাওৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লৈছে। এই খবৰটোৱে আমিৰৰ অনুৰাগীসকলক হৃদয় ভাঙি পেলাইছে। আমিৰ আৰু কিৰণে একেলগে সংবাদ মাধ্যমত এটা বিবৃতি দিছে। য’ত তেওঁ কৈছিল যে তেওঁলোক দুয়োজনে পাৰস্পৰিক বুজাবুজিৰ পৰা এই সিদ্ধান্ত লৈছে। বহুতো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে আমিৰ আৰু ফাতিমা ছানা শ্বেখৰ কথিত লিংকআপৰ বিষয়ে টুইট কৰিছে। আমিৰ খান আৰু ফাতিমা ছানা শ্বেখে ‘দঙ্গল’ বোলছবিখনত একেলগে কাম কৰিছিল। আমিৰ আৰু ছানা ছবিখনত পিতৃ-কন্যাৰ চৰিত্ৰত আছিল। ইয়াৰ পিছত, দুয়ো একেলগে ‘ঠগছ অফ হিন্দুস্তান’ বোলছবিখনত দেখা গৈছিল। যাৰ পিছত তেওঁলোকৰ সম্পৰ্কৰ বাতৰি সামাজিক মাধ্যমত দ্ৰুতগতিত ওলাই আহিবলৈ আৰম্ভ কৰিছিল।

২০১৬ আৰু ২০১৯ চনত, তেওঁলোকৰ সম্পৰ্কৰ বাতৰি ওলাবলৈ আৰম্ভ ধৰিছিল। অৱশ্যে, ফাতিমা ছানা শ্বেখে এটা সাক্ষাৎকাৰত এই বোৰ অস্বীকাৰ কৰিছিল। তাইৰ আগৰ এটা সাক্ষাৎকাৰত, তাই কৈছিল যে তাই আমিৰ খানক তাইৰ পথপ্ৰদৰ্শক আৰু জীৱন গুৰু হিচাপে বিবেচনা কৰে।